পঞ্চায়ত নিৰ্বাচন : চেঙাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

পঞ্চায়ত নিৰ্বাচন : চেঙাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

চেঙাৰ পৰা সুৰজিৎ পাঠক

ৰাজ্যখনত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান আজি অনুষ্ঠিত হৈ থকাৰ মাজতে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে চেঙাত উপস্থিত হৈ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

বৰপেটা জিলাত শান্তিপূৰ্ণভাৱে ভোটদান চলি থকা বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । বৰপেটা জিলাত দিনৰ ১১ বজালৈ ৩৫ শতাংশ ভোটদান সম্পূৰ্ণ হোৱা বুলি জনায় উপায়ুক্তগৰাকীয়ে ।

পঞ্চায়ত নিৰ্বাচন : চেঙাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

বৰপেটা জিলাত ১১১৫টা ভোট গ্ৰহণ কেন্দ্ৰ থকা বুলি উল্লেখ কৰে উপায়ুক্ত থানেশ্বৰ মালাকাৰে । জিলাখনত ৮৫% ভোটদান হ'ব বুলি আশাবাদী উপায়ুক্তগৰাকী ।

বৰ্তমানলৈ জিলাখনত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি থকাত ভোটাৰ ৰাইজক উপায়ুক্ত থানেশ্বৰ মালাকাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

Your Comments