বঙাইগাঁও জিলাৰ বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাৰ লগতে উত্তৰ শালমাৰা মহকুমাত আজি পুৱা ৭ বজাৰ পৰা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্ব আৰম্ভ হৈছে ৷
জিলাখনৰ অন্তৰ্গত বঙাইগাঁও মহকুমাৰ ১৬০টা, মাণিকপুৰ মহকুমাৰ ১২৯টা আৰু উত্তৰ শালমাৰা মহকুমাৰ ৩৯৫টা ভোট গ্ৰহণ কেন্দ্ৰকে ধৰি তিনিওটা মহকুমাৰ মুঠ ৬৮৪টা ভোট গ্ৰহণ কেন্দ্ৰত এই ভোট গ্ৰহণ চলি আছে ৷
উল্লেখ্য যে বঙাইগাঁও মহকুমাৰ ৪খন জিলা পৰিষদ, ১৬খন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১৬খন গাঁও পঞ্চায়ত সভাপতিৰ লগতে গাঁও পঞ্চায়ত সদস্য, মাণিকপুৰ মহকুমাৰ ৩খন জিলা পৰিষদ, ১২খন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১২খন গাঁও পঞ্চায়ত সভাপতিৰ লগতে গাঁও পঞ্চায়ত সদস্য তথা উত্তৰ শালমাৰা মহকুমাৰ ৫খন জিলা পৰিষদ, ৩৭খন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৭খন গাঁও পঞ্চায়ত সভাপতিৰ লগতে গাঁও পঞ্চায়ত সদস্য নিৰ্বাচিত কৰাৰ বাবে এই ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ৷
পঞ্চায়ত নিৰ্বাচনত জিলাখনৰ মুঠ ২,৩৯০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাৰ বাবে এই ভোট গ্ৰহণ চলিছে ৷ ঠায়ে ঠায়ে ভোট গ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয় ৷
কিছুমান ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা অধিক হোৱাত নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট গ্ৰহণ পৰ্ব সম্পন্ন হোৱাৰ আশা ক্ষীণ যেন অনুমান কৰা হৈছে ৷ উল্লেখ্য যে বঙাইগাঁও আৰু মাণিকপুৰ মহকুমাত পুৱা ১১ বজালৈকে ৪০ শতাংশ আৰু উত্তৰ শালমাৰা মহকুমাত ৩১ শতাংশৰ ওপৰত ভোটদান হয় ৷
- Log in to post comments
- 13 views