বঙাইগাঁৱত ৰাজ্যিক বিজেপিৰ সম্পাদকৰ বাহনৰ পৰা উদ্ধাৰ পিস্তল আৰু নগদ ধন

s

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আনুষ্ঠানিকভাৱে সমাপ্ত হোৱাৰ কেইমুহুৰ্তমান পিছতে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ পাহাৰতলিত যোৱা নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্মই গাঁওখনত প্ৰবেশ কৰি ধন বিতৰণৰ অভিযোগ কৰি অগপ কৰ্মীয়ে দুখনকৈ বাহন ভাঙি চুৰমাৰ কৰে ৷ ইফালে, বিজেপি নেতাৰ বাহনৰ পৰা নগদ ধন আৰু মাৰনাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, নিশা ৯ মান বজাত বিজেপি নেতাজনৰ নেতৃত্বত প্ৰায় পাঁচ-ছয় জনীয়া দল এটাই এএছ-০১ ডি কিউ-২০০২ আৰু এএছ-১৯ এফ-১৮৯৩ নম্বৰৰ স্ক'ৰপিঅ' আৰু মাৰুতী ভান বাহনেৰে গাঁওখনত উপস্থিত হৈছিল ৷ কিন্তু বিজেপি নেতা-কৰ্মীসকলে ধন বিতৰণৰ বাবে অহা বুলি অভিযোগ কৰি অগপ কৰ্মীসকলে আক্ৰমণ কাণ্ড সংঘটিত কৰে ৷ প্ৰায় অৰ্ধশতাধিক অগপ কৰ্মীয়ে বিজেপি নেতাগৰাকীৰ স্ক'ৰপিঅ বাহনখনৰ লগতে মাৰুতি ভানত আক্ৰমণ কৰি আয়না আদি ভাঙি চুৰমাৰ কৰে ৷ অৱশ্য বিজেপিৰ দলটোৱে নিজক বচাই ঘটনাস্থলীৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হয় ৷

s

ইপিনে বিজেপি নেতা ব্ৰহ্মৰ স্ক’ৰপিঅখনৰ পৰা ৰাইজে ত্ৰিশ হাজাৰ টকাৰ লগতে পয়ন্ট ৩২ পিষ্টল এটাও উদ্ধাৰ কৰে ৷ নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ সময়সীমা বিয়লি তিনি বজাত অতিক্ৰম কৰাৰ পিচত বিজেপি দলৰ নেতাই গাঁৱত ধন বিতৰণৰ বাবে প্ৰবেশ কৰা বুলি অভিযোগ কৰি অগপ কৰ্মীসকলে উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টিও কৰে ৷

অগপ কৰ্মীসকলে ’বিজেপি মুৰ্দাবাদ’ 'বিজেপি হায়হায়’ আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ আনহাতে বিজেপি নেতা শিৱনাথ ব্ৰহ্মই পলায়ণ কৰিলেও তেঁৱৰ দুই দেহৰক্ষীক উত্তেজিত লোকসকলে আৱদ্ধ কৰি ৰাখে ৷ পিচত ঘটনাৰ খবৰ পাই জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীসহ শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হয় আৰু গাঁৱখনৰ পৰা ৰাজ্যিক বিজেপিৰ নেতাসহ দলটোক গাঁৱখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি থানাত আনে ৷

s

ঘটনা সন্দৰ্ভত  বিজেপি নেতা ব্ৰহ্মই বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰিছে ৷ তেওঁ গোসাইগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা পথত চাপৰাকাটাত থকা চিনাকী ব্যক্তি এজনৰ ঘৰত প্ৰবেশ কৰাৰ সময়ত একাংশ লোকৰ সৈতে হোৱা ভুল বুজাবুজিৰ ফলত ঘটনাটো সংঘটিত হোৱা বুলি জানিব  দিয়ে ৷ ব্ৰহ্মসহ আটাইকেইজন বিজেপি কৰ্মীক আৰক্ষীয়ে নিশাই এৰি দিয়ে ৷ আনহাতে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি বিজেপি নেতাই ধন আৰু মাৰানাস্ত্ৰ লৈ ফুৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ 

Your Comments