বঙাইগাঁও জিলাৰ ৪,১৪,৪৮০ গৰাকী ভোটাৰে নিৰূপণ কৰিব ২,৩৯০ গৰাকী পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ ভাগ্য

a

বঙাইগাঁও জিলাত কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে ৷ জিলাখনৰ তিনিটাকৈ মহকুমা ক্ৰমে বঙাইগাঁও সদৰ মহকুমা, মাণিকপুৰ মহকুমা আৰু উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ আজি পুৱাৰে পৰা হেজাৰোধিক প্ৰিজাইডিং আৰু পোলিং বিষয়াই নিজৰ নিজৰ ভোটগ্ৰহন কেন্দ্ৰলৈ ৰাওনা হৈছে ৷ আৰক্ষীৰ জ'নেল আৰু চেক্টৰ তথা চিভিল জ'নেল আৰু চিভিল চেক্টৰ বিষয়াসকল প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলৰ লগত গৈছে । ভোট গ্ৰহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী ৷

s

আনহাতে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেইদৰে নিৰ্বাচনী বিষয়াসকলৰ সুবিধাৰ্থেও সকলো যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে । উল্লেখ্য যে জিলাখনত কাইলৈ ১২ খন জিলা পৰিষদ (বঙাইগাঁও মহকুমাৰ ৪খন, মাণিকপুৰ মহকুমাৰ ৩খন আৰু উত্তৰ শালমাৰা মহকুমাৰ ৫ খন, ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৬৫ খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ লগতে ৬২৮ খন গাঁও পঞ্চায়ত সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

গাঁও পঞ্চায়ত সদস্যৰ আসন ৬৫০ খন যদিও ইয়াৰে ভিতৰত ২২ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে ৷ জিলা পৰিষদৰ ১২ খন আসনৰ বিপৰীতে ৫০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ সেইদৰে ৬৫ খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে ২২৫ জন প্ৰাৰ্থীয়ে আৰু ৬৫ খন গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে ২৩৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ গাঁও সভাৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ১,৮৭৬ জন প্ৰাৰ্থীয়ে ৷ জিলাখনৰ মুঠ ৪,১৪,৪৮০ গৰাকী ভোটাৰে কাইলৈ সৰ্বমুঠ ২,৩৯০ জন প্ৰাৰ্থীৰ ভাগ্য নিৰূপন কৰিব ৷

ভোট গ্ৰহণৰ বাবে জিলাখনৰ তিনিটা মহকুমাত মুঠ ৬৮৪ টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰ ভিতৰত ২৪১ টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ, ৬২ টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ আৰু ৩৮১ টা ভোট গ্ৰহণ কেন্দ্ৰ নিৰাপদ হিচাপে চিহ্নিত কৰিছে প্ৰশাসনে ৷ ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ বিপৰীতে ৭৩৩ গৰাকী প্ৰিজাইডিং আৰু ২৯২৮ গৰাকী পোলিং বিষয়া নিয়োগ কৰা হৈছে ৷ উত্তৰ শালমাৰা মহকুমাৰ নিৰ্বাচনী কাম - কাজ উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ অধীনত চলিছে ৷

আনহাতে বঙাইগাঁও আৰু মাণিকপুৰ মহকুমাৰ নিৰ্বাচনী সকলো কাম - কাজ বঙাইগাঁও জিলা প্ৰশাসনে অধীনত চলিছে ৷ বঙাইগাঁও আৰু মাণিকপুৰ মহকুমাৰ পোলিং পাৰ্টীৰ বাবে ২২৪ খন বাহন যোগান ধৰা হৈছে । ২০টা কাউন্টাৰত বেলত পেপাৰ , বেলত বাকচ আৰু অন্যান্য দৰকাৰী সামগ্ৰী পোলিং পাৰ্টীক যোগান ধৰা হৈছে ৷

বঙাইগাও কলেজত পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম কৰাৰ ব্যৱস্থা কৰা হৈছে। মহকুমা দুটাৰ পঞ্চায়ত নিৰ্বাচনত বঙাইগাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীক নিয়োগ কৰা হৈছে। জিলাখনত  কাইলৈ পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ ভোট গ্ৰহন অনুষ্ঠিত হ'ব ৷ আনহাতে ১২ ডিচেম্বৰত অনুষ্ঠিত হ'ব ভোট গণনা ৷

Your Comments