প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শেষ, তথাপিও উত্তপ্ত মৰিগাঁও

ে

মৰিগাঁৱৰ পৰা জিতুমনি নাথ
ৰাজ্যিক স্বাস্থ্য মন্ত্রী পীয়ুষ হাজৰিকা গৃহ গাঁও মৰিগাঁৱৰ আহতগুৰিত নিশা সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি | এই ঘটনাত দুই যুৱকে তিনি বিজেপিৰ কৰ্মীক চুকা অস্ত্রৰে আক্রমন কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে নৱ দাস নামৰ এজন বিজেপি কৰ্মী কথমপি প্ৰাণ  ৰক্ষা পৰে। বিজেপি কৰ্মী তিনিজনক আক্রমন কৰা যুৱক দুজন হৈছে পশীকুল দাস আৰু ধ্রুব দাস| আনহাতে গুৰুতৰভাবে আহত হোৱা বিজেপিৰ কৰ্মী তিনিজন হৈছে- ধমেন্দ্র দাস, মিন্টু দাস আৰু ৰবীন দাস ৷ 

ঘটনাৰ সন্দৰ্ভত আক্রমনকাৰী আৰু ঘটনাত আহত ব্যক্তি কেইজনে পৃথক পৃথক মন্তব্য আগবঢ়োৱা ঘটনাই সমগ্ৰ ঘটনাটোক অধিক ৰহস্য সৃষ্টি কৰি তুলিছে। ঘটনাৰ সন্দৰ্ভত আক্ৰমণকাৰীৰ অভিযোগ নিশা ভাগত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ঘনিষ্ঠ নৱ দাসৰ নেতৃত্বত যোৱা বিজেপিৰ দলটোৱে প্রথমতে আক্ৰমণকাৰী পৰিয়ালে বিজেপিক ভোট নিদিয়া অভিযোগ কৰি আক্ৰমণকাৰী ভাতৃদ্বয়ক মাৰধৰ কৰাৰ লগতে আৰু ঘৰৰ আচবাব লণ্ড-ভণ্ড কৰে আৰু নিজৰ আত্মৰক্ষা বাবেহে নৱ দাসৰ লগত যোৱা দলটোক আক্ৰমণ কৰিব লগা হ'ল বুলি অভিযোগ তুলে।

আনহাতে আহত হোৱা বিজেপি  কৰ্মী কেইজনে একাংশ বিৰোধীৰ উচতনিত এই অবাঞ্চিত আক্রমন কৰা বুলি অভিযোগ তুলে। দুই পক্ষৰ অভিযোগ প্ৰতি অভিযোগে ঘটনাটোত ৰহস্য সৃষ্টি কৰি ৰখাৰ মাজতে ধৰমতুল আৰক্ষীয়ে ১১২/১৮ নং এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে ঘটনা সোধপোচৰ বাবে নিৰ্মল দাস, বাবুলী দাস আৰু দিলীপ দাস নামৰ তিনিজন লোকৰ লগতে আক্রমনকাৰী দুজনকো  ধৰমতুল আৰক্ষীয়ে আটক কৰা বুলি জনা গৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে যদিও ঘটনাৰ  সত্য সত্যতা আৰক্ষীৰ প্ৰকৃত তদন্ততহে পোহৰলৈ অহা সম্ভাৱনা আছে।

Your Comments