অগপ দলক অসমীয়া মানুহ নালাগে, লাগে ন-অসমীয়া মানুহ : হিমন্ত বিশ্ব শৰ্মা 

s

অগপ দলৰ মানুহে ভাৱিছিল যে এইবাৰ আমি লগত নাথাকিম, গতিকে বিজেপিৰ ৰেলখন  এক্সিডেন্ট হ'ব ৷ কিন্তু মই অগপ দলৰ ব্যক্তিসকলক অনুৰোধ কৰিম যে ফলাফলৰ দিনা আপুনালোকে বেলট খুলি চাব বিজেপিৰ ৰেলখন চুপাৰ ফাষ্ট হ'ব আৰু আগতকৈও আমি বহুদূৰ আগুৱাই যাম ৷ আপুনালোকে ভৱাৰ দৰে নহ'ব ৷ এই মন্তব্য বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শেষ দিনা বঙাইগাঁৱৰ জেল্কাঝাৰত বিজেপি দলৰ প্ৰাৰ্থিসকলৰ উদ্দেশ্যে অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷

সভাত নিজৰ ভাষণত মিত্ৰ দল অগপৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে যোৱা বিধানসভা নিৰ্বাচনত আমি সকলোৱে বিচাৰিছিলো যে বিজেপিয়ে বঙাইগাঁও জিলাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক ৷ ইয়াৰ বাবে দলৰ কৰ্মকৰ্তাসকল আৰু কাৰ্যকৰ্তাসকলে বঙাইগাঁও জিলাৰ তিনিওটা সমষ্টিতে নিৰ্বাচন খেলিবলৈ নিজক প্ৰস্তুত কৰিও তুলিছিল ৷ কিন্তু শেষ সময়ত ৰাজ্যিক ভিত্তিত আমি গণ পৰিষদ দলৰ লগত মিত্ৰতাৰ এটা সিদ্ধান্ত ললো আৰু শেষ সময়ত বঙাইগাঁও জিলাৰ তিনিওটা সমষ্টি গণ পৰিষদ দলক এৰি দিবলগীয়া হ'ল৷

ফলত আমাৰ সংগঠনৰ এটা বহুত ডাঙৰ ক্ষতি হ'ল আৰু দলৰ কৰ্মকৰ্তা আৰু কাৰ্যকৰ্তাসকলোৰ মন ভাঙি গ'ল ৷ তথাপিতো সকলোৱে মনত এটা বিশ্বাস লৈ আমি গণ পৰিষদ দলৰ হৈ কাম কৰিলো আৰু ইয়াৰ পৰা ফনীভূষণ চৌধুৰী বিধায়ক হ'ল ৷ তেওঁ আজি অসম মন্ত্ৰী সভাৰ পদো শুৱনি কৰিছে ৷ আমি ভাৱিছিলো যে আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে যি ধৰণে গণ পৰিষদ দলক নিৰ্বাচনত সহায় কৰিছিল,  তেওঁলোকে অন্তত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ কাৰ্যকৰ্তাসকলক সহায় কৰিব ৷

কিন্তু আমাৰ বাবে দুৰ্ভাগ্যৰ কথা যে গণ পৰিষদ দলে বিজেপি দলক আকৌ এবাৰ বিশ্বাস ঘাটকতা কৰিলে আৰু পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে আমাৰ বঙাইগাঁও জিলাৰ কাৰ্যকৰ্তাসকলোক যিখিনি সন্মান দেখুৱাব লাগিছিল সেইখিনি সন্মান নেদেখুৱালে ৷ সেই বাবে মই কৈছো যে বঙাইগাঁও জিলাৰ কাৰণে এইবাৰ বিজেপিৰ কোৱাটাৰ ফাইনেল ৷ এই বাৰ আমাৰ সংগঠন শক্তিশালী হ'ব আৰু আকৌ আমি মুৰ দাঙি উঠিম ৷ লোকসভাত আকৌ আমি চেমি ফাইনেল খেলিম আৰু ২০২১ত আমি ফাইনেল খেলি বঙাইগাঁও সমষ্টিত এজন বিজেপি বিধায়ক বনাব ৷

এই সিদ্ধান্তৰে আমি আগবাঢ়ি যাম ৷ ২০২১ চনত দলৰ বিজয় সুনিশ্চিত বুলিও কয় ৷ তেওঁ আৰু কয় যে গণ পৰিষদ দলৰ এই বিশ্বাসঘাটকতাৰ ইতিহাস নতুন কথা নহয় ৷ অসম আন্দোলনৰ সময়ত বঙাইগাঁও জিলাৰ ৰাইজ আন্দোলনত জপিয়াই পৰিছিল ৷ নলবাৰী, বৰপেটা আদি নামনি অসমৰ পৰাই ছহিদ খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম ছহিদ হৈছিল ৷ আমি আন্দোলন কৰিছিলো আৰু কৈছিলো ১৯৫১ চন আমাৰ জীৱন-পণ ৷

১৯৫১ চনৰ ভিত্তি বৰ্ষৰ দাবীত আন্দোলন আৰম্ভ কৰিছিলো ৷ ১৯৭৯ চনত যেতিয়া অসম আন্দোলন আৰম্ভ হ'ল তেতিয়া প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আহি প্ৰফুল্ল মহন্তক ক'লে যে আপোনালোকক আমি ১৯৫১ চন দিব নোৱাৰো, আপোনালোকে ১৯৭১ চনৰ ওপৰত চৰকাৰৰ লগত চুক্তি কৰক ৷ আন্দোলনৰ নেতাসকলে ক'লে আমি ১৯৭১ চনটো আমি নামানো ৷ ১৯৫১ চন আমাৰ জীৱন-পণ ৷ আমি মৰি যাম ছহিদ হ'ম কিন্তু নামানো ৷

আন্দোলন হ'ল এজন এজনকৈ ডেকা ল'ৰা ছহিদ হ'ল ৷ পিচত পুণৰ দিল্লীৰ পৰা প্ৰস্তাৱ আহিল যে ১৯৬৬ চনটো মানি লোৱা ৷ কিন্তু তাকো নামানিলে ৷ ছবছৰ আন্দোলন হ'ল ৮৫৫ জন ছহিদৰ মৃত্যু হ'ল আৰু অনেকে ঘুণীয়া হ'ল ৷ কিন্তু পিচত ১৯৫১ চনটো কেনেকৈ ১৯৭১ চন হ'ল সেই বিষয়ে কোনেও সংবাদ মাধ্যমতো আলোচনা নকৰে ৷ এইবাৰ অগপৰ লগত মিত্ৰতা হোৱাত অগপৰ এজন নেতাক এই বিষয়টো সুধিছিলো ৷  তেতিয়া তেওঁ কৈছিল যে যদি আমি ১৯৭৯ চনত চৰকাৰৰ প্ৰস্তাৱটো মানি ল'লোহেঁতেন তেতিয়া আমাৰটো নিৰ্বাচন খেলাৰ বয়স হোৱা নাছিল ৷

আমি তেতিয়া কলেজীয়া ছাত্ৰ আছিলো ৷ কিন্তু ১৯৮৫ত যেতিয়া আমি মানি ল'লো তেতিয়া আমাৰ নিৰ্বাচন খেলৰ বয়স হ'ল আৰু আমি মন্ত্ৰী-বিধায়ক হ'লো ৷ গতিকে মন্ত্ৰী-বিধায়ক হোৱাৰ স্বাৰ্থত তেওঁলোকে ৮৫৫ জন ছহিদক মৃত্যুৰ মুখলৈ ঠেলি দিছিলে ৷ এয়াই হৈছে গণ পৰিষদ দলৰ ইতিহাস ৷ ইপিনে গুপ্ত হত্যাৰ প্ৰসংগ টানি আনি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কাপৰুষ আখ্যা দি কয় যে-  তেওঁ কৈছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতহে গুপ্তহত্যা কৰিছিলো ৷

কিন্তু পৃথিৱীত এনে কোনোবা মুখ্য মন্ত্ৰী আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে কোনোবা যদি নৰেন্দ্ৰ মোডীয়ে আজি সৰ্বানন্দ সোণোৱালক কয় যে সৰ্বানন্দ তুমি ঘৰৰ পৰা ধৰি ধৰি আনি অসমীয়া ডেকা ল'ৰাবিলাকক মাৰি পেলোৱা, তেতিয়া কোনোবা মুখ্য মন্ত্ৰীয়ে মাৰিব নেকি? দিল্লীয়ে ক'লেই মই গুপ্তহত্যা কৰিম নেকি ৷ গতিকে প্ৰফুল্ল কুমাৰ মহন্তৰ লাজ লাগিব লাগিছিল ৷ তেওঁ আজি কৈছে যে দিল্লীৰ নিৰ্দেশত গুপ্তহত্যা চলিছিল ৷ তুমি কি কৰি আছিলা?

যেতিয়া দিল্লীয়ে কৈছিল তুমি গুপ্তহত্যা কৰা, সেইদিনাই তুমি পদত্যাগ কৰিব লাগিছিল ৷ কিন্তু পদত্যাগ কৰাৰ সাহস কৰিব নোৱাৰিলা ৷ সেয়ে প্ৰফুল্ল কুমাৰ মহন্ত যে কাপুৰুষ পুনৰবাৰ প্ৰমাণ হ'ল আৰু তেওঁ কাপুৰুষ হোৱাৰ বাবেই গুপ্তহত্যা সংঘটিত হ'ল আৰু এয়াই হৈছে অগপৰ ইতিহাস বুলি কয় ৷ সভাত পুনৰ অগপ দলক সমালোচনা কৰি মন্ত্ৰী শৰ্মাই কয় যে - আজি কালি অগপই অসমীয়া মানুহক ভাল নাপায় ৷ আজি কালি গুৱাহাটীত অগপৰ সমদলত অসমীয়া মানুহ নাথাকে ৷

কোচ, কলিতা, বড়ো, ৰাভা মানুহ নাথাকে ৷ আজি কালি নতুন ধৰণৰ মানুহ বিলাকে সমদলত যায় ৷ এইসকল হৈছে ন-অসমীয়া ৷ তেওঁলোকক আজিকালি অসমীয়াৰ দৰকাৰ নাই,  ন-অসমীয়া লাগে ৷ আমাৰ ফনীদাও আজি কালি ন-অসমীয়াৰ প্ৰেমত পৰিছে ৷ বঙাইগাঁৱত বিজয়ী হ'বলৈ ন-অসমীয়া লাগিবই ৷ কিন্তু ন-অসমীয়াক অগপই কিয় ভাল পায় ?  কাৰণ ন-অসমীয়াৰ ঘৰত গ'লে লকেল মুৰ্গী খাবলৈ পায় ৷ আমাৰতো অসমীয়া ল'ৰাই ব্ৰয়লাৰ চিকেনৰ ব্যৱসায়হে কৰে ৷

গতিকে অগপৰ মানুহে ব্ৰয়লাৰ চিকেন ভাল নাপায় ৷ তেওঁলোকে কয় ন-অসমীয়াৰ ঘৰত লকেল মূৰ্গী খাবলৈ পাওঁ ৷ সেই কাৰণে আজি কালি আমাক ন-অসমীয়াক লাগে ৷ অসমীয়া আমাক নালাগে বুলিও কটাক্ষ কৰে ৷ আনহাতে আমছুক সমালোচনা কৰি কয় যে কেইদিনমান আগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমছুৱে এটা সমদল উলিয়াইছিল ৷

বঙাইগাঁও, অভয়াপুৰী থানাই সমদলকাৰীসকলক আটক কৰিলে ৷ সংগঠনটোৰ সভাপতি কোনোবা ৰেজাউল হক চৌধুৰী নেকি চিঞৰি আছে যে আমি দিছপুৰক সকিয়াই দিছো নাগৰিকত্ব বিল নহ'ব আদি কৈ ৷ মই আচৰিত হৈ পৰিছো যে তাৰ মানে  এতিয়া ৰেজাউল হক চৌধুৰীয়ে অসমখন ৰক্ষা কৰিব ৷ এতিয়া আৰু ইয়াত সৰ্বানন্দ সোণোৱালৰ কাম নাই ৷ বাংলাদেশৰ পৰা ডেৰ কোটি মানুহ আনিব বুলি টিভি চেনেলত বহি অগপ আৰু একাংশ বুদ্ধিজীৱিয়ে বহি হাল্লা কৰি থাকে ৷

কেনেকে বিজেপিক বিপদত পেলাব পাৰে আৰু কেনেকে ন-অসমীয়াৰ হাতত অসমখন ঘটাই দিব পাৰে এইটোৱে আজি অগপৰ চিন্তা ৷ কিন্তু বিজেপিয়ে এই কথাত কম্প্ৰ'মাইজ নকৰে ৷ আজি আমি ন-অসমীয়াসকলক কৈছো যদি তুমালোকে কাজিৰঙাৰ মাটি দখল কৰা, বৰদোৱা সত্ৰত যদি মাটি দখল কৰা, পাটবাউসী সত্ৰত যদি মাটি দখল কৰা তেতিয়াহ'লে তাৰ পৰা তোমালোকক উলিয়াই পঠিওৱা হ'ব ৷ আমি ন-অসমীয়াৰ  লগত বুজাবুজি নকৰো ৷ 

বিজেপিয়ে সুৰক্ষা আৰু বিকাশৰ ৰাজনীতি কৰে বুলি মন্তব্য কৰি কয় যে বিজেপিয়ে অসমীয়া মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত কম্প্ৰ'মাইজ নকৰে ৷ ইয়াৰ লগতে বিজেপিয়ে বিকাশৰ ৰাজনীতিও আৰম্ভ কৰা বুলিও কয় ৷ আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল ধুতি আৰু লুঙীৰ ৰাজনীতি কৰিছিল ৷ মানুহক ধুতি বিলায়, লুঙী বিলায় ৷ আমি কংগ্ৰেছতকৈ ধুতি, লুঙী বেছিকৈ বিলাব পাৰো ৷ কিন্তু এই ৰাজনীতি আমি নকৰো ৷

তৰুণ গগৈ ডাঙৰীয়াই মাজে মাজে মোক গালি পাৰি থাকে ৷ তেতিয়া মই ভাৱো যে তৰুণ গগৈ যদি আৰু পাঁচ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন তেতিয়াহলে কংগ্ৰেছৰ ছবিটো হাতৰ সলনি ধুতি-লুঙী কৰিলেহেঁতেন বুলিও কয় ৷ মন্ত্ৰীগৰাকীয়ে সভাত বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰি কয় যে বিজেপিয়ে মানহৰ হৃদয়ত ৰাজনীতি কৰিব খোজে ৷  তেওঁ পুনৰ নিজৰ ভাষণত অগপৰ লগতে এ আই ইউ ডি এফকো সমালোচনা কৰি কয় যে ফনীভূষণ চৌধুৰীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন নেখেলিলে বিজেপি জয়ী হ'লহেঁতেন ৷

চন্দ্ৰ মোহন পাটোৱাৰী জয়ী হৈ সাংসদ হ'লহেঁতেন ৷ ফনীভূষণ চৌধুৰী নিৰ্বাচনত উঠাৰ কাৰণে বদৰুদ্দিন আজমলৰ ভায়েক চিৰাজউদ্দিন আজমল সাংসদ হ'ল ৷ কেইদিনমান আগতে বজালী সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই নৰেন্দ্ৰ মোডীক ঔৰংজেব বুলি কৈ আছিল ৷ তেওঁলোকে বুজি চাওক প্ৰকৃততে ঔৰংজেব কোন? বদৰুদ্দিন আজমল-চিৰাজুদ্দিন আজমলক বৰ ঘৰত বহুওৱা মানুহজন ঔৰংজেব নে কাজিৰঙাত গড় হত্যা বন্ধ কৰা মানুহজন ঔৰংজেব হয় সেই বিচাৰ ৰাইজৰ ওচৰত এৰি দিছো ৷

আজি অগপই ক্ষমতাৰ কাৰণে একো চিন্তা নকৰে ৷ যোৱাবাৰো বিধানসভা নিৰ্বাচনত এওঁলোকৰ ইচ্ছা আছিল কংগ্ৰেছৰ লগত যোৱা ৷ কিন্তু আমি কেইজনমান মানুহে অগপক বুজাই বঢ়াই বিজেপিৰ লগত ৰাখিলো ৷ অসমৰ মানুহৰ কাৰণে এখেতসকলে চিন্তা নকৰে ৷ ৮৫৫ জন ছহিদৰ কেঁচা তেজেও এওঁলোকৰ মন গলাব পৰা নাছিল ৷ যেতিয়া নিৰ্বাচন খেলাৰ বয়স হ'ল তেতিয়াহে তেওঁলোকে অসম চুক্তি কৰিলে ৷ গুপ্ত হত্যাত স্বীকাৰ হোৱা শ শ অসমীয়া ডেকা ল'ৰাৰ পিতৃ- মাতৃৰ কান্দোনেও এওলোকৰ বুকু লৰাব পৰা নাছিল ৷

চিৰাজুদ্দিন আজমল সাংসদ হওক বা কোন হওক মোৰ কোনো কথা নাই ৷ মাত্ৰ মই সুৰক্ষিত হৈ থাকিব লাগে ৷ আজি তেনেকুৱা ৰাজনীতি আমাক নালাগে ৷ আমাক লাগে স্পষ্ট কথা-তুমি যদি ন-অসমীয়াৰ লগত আছা তেতিয়াহলে তুমি ন-অসমীয়াৰ লগত থাকা আৰু তুমি যদি অসমীয়াৰ লগত আছা তুমি অসমীয়াৰ লগত থাকা ৷ দুই ধৰণৰ ৰাজনীতি আমাক নালাগে ৷ ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকক লগত লৈ আজি অসমখন সুৰক্ষিত কৰিব খুজিছে ৷

আজি আমাৰ ৰাজ্যখনত অসমীয়া, বঙালী, বিহাৰী, মাৰোৱাৰী, বড়ো, কোচ ৰাজবংশী, ৰাভা, মিচিং, তিৱা, কাৰ্বি, ডিমাচাৰ লগত আমাৰ কাজিয়া লগাই এওঁলোকে বদৰুদ্দিন আজমলক বৰ ঘৰত বহুৱাব খোজে ৷ তেনেকে চিৰাজউদ্দিন আজমলক বৰপেটাৰ সাংসদ পাতিলে ৷ এওঁলোকে আমাৰ ভিতৰত এনেকৈ সংঘাত কৰি এওলোকে বদৰুদ্দিন আজমলক অসমৰ বৰ ঘৰলৈ মাতি আনিব খোজে ৷ আমি এই ৰাজনীতিৰ বিৰোধিতা কৰিব লাগিব ৷

তেওঁ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে বিজেপি দলক ভোট দিয়ক ৷ বঙাইগাঁও জিলাৰ উন্নয়ন কোনেও ধৰি ৰাখিব নোৱাৰে ৷ আকাশৰ কলীয়া ডাঁৱৰ কেতিয়াও স্থায়ী হ'ব নোৱাৰে ৷ আমি মানুহৰ হৃদয়ৰ লগত ৰাজনীতি কৰিব খোজো ৷ আমি মানুহৰ অন্তৰৰ লগত ৰাজনীতি কৰিব খোজো ৷ আমি অগপ দলকো কওঁ-আপোনালোকৰ লগত আমি থাকিব বিচাৰো ৷ কিন্তু ন-অসমীয়াৰ মৰম আপোনালোকে বাদ দিব লাগিব ৷ ন-অসমীয়াক লগত লৈ ৰাজনীতি নহ'ব ৷

ৰাজনীতি যদি হ'ব লাগে তেতিয়াহলে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত ৰাজনীতি হ'ব লাগিব আৰু তাক আমি স্পষ্টভাৱে বুজি পাও ৷ তেওঁ বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে বিজেপি দলে এক নতুন গতি পাব বুলিও বিশ্বাস কৰে ৷ লগতে কয় যে বঙাইগাঁও জিলা সুৰক্ষিত হওক আৰু বঙাইগাঁও জিলাৰ উন্নয়নৰ ট্ৰেনখন বহু স্পিডত চলক ৷ আন আন জিলাৰ তুলনাত বঙাইগাঁও জিলাখনো আগবাঢ়ি যাওক ৷ বঙাইগাঁও জিলাখন আমাৰ মানুহৰ বাবে সুৰক্ষিত হওক আৰু সেই সুৰক্ষাৰ ৰাজনীতি, বিকাশৰ ৰাজনীতি আৰু হৃদয়ৰ ৰাজনীতি কৰিবলৈ বঙাইগাঁওবাসীক বিজেপি দলক ভোট দিবলৈকো মন্ত্ৰী শৰ্মাই আহ্বান জনায় জনায় ৷

আনহাতে সভাত প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই  উপস্থিত থাকি অগপ বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীক নীলা শিয়াল বুলি আখ্যা দি কয় যে এটা সময় আছিল অসমৰ মানুহে তেঁৱক বুজি পোৱা নাছিল ৷ ৩২টা বছৰে তেঁৱক নীলা শিয়ালৰ দৰে  ডাঙৰ জাতীয়তাবাদী নেতা বনাই ৰাখিলে ৷ তেঁৱক আঞ্চলিকতাবাদী  , জাতীয়তাবাদী নেতা বুলি ভাৱিলে ৷ কিন্তু যেতিয়া বিজেপিৰ বৰষুণ ৰাজ্যজুৰি আৰম্ভ হ'ল তেতিয়া তেৱঁৰ গাত থকা নীলা ৰংটো লাহে লাহে নাইকিয়া হ'ল ৷

জাতীয়তাবাদ শেষ ৷ সাতটা বিধান সভা নিৰ্বাচনত কেৱল জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ নামত সুন্দৰভাৱে তেঁও ৰাজপাটত বহি থাকিল ৷ আজি জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ অগপৰ মুখত শোভা নাপায় ৷ কাৰণ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ সত্বাক যদি অশ্ৰদ্ধা কৰিছে আৰু শেষ কৰিছে তেতিয়াহ'লে অগপৰ ফনীভূষণ চৌধুৰীৰ দৰে এইসকল নেতাই বুলিও কয় ৷ জাতীয়তাবাদ আৰু আঞ্চলকতাবাদৰ প্ৰতি শ্ৰদ্ধা আমাৰ আছে ৷

অসম আন্দোলনৰ পৰাই বিজেপি দলে দেখুৱাই আহিছে বুলিও কয় ৷ সভাত জিলা বিজেপিৰ সভাপতি সুকেন ৰায়, সাধাৰণ সম্পাদক উজ্বল কান্তি ৰায়, প্ৰদেশ বিজেপিৰ সম্পাদিকা হিমানী অধিকাৰী আদিও উপস্থিত থাকে ৷

Your Comments