অগপৰ মুখত এতিয়া জাতীয়তাবাদ-আঞ্চলিকতাবাদ শোভা নাপায় : জয়ন্ত মল্ল বৰুৱাৰ 

a

অগপ বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীক নীলা শিয়াল বুলি আখ্যা দিছে  প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷ শুকুৰবাৰে বঙাইগাঁৱৰ জেল্কাঝাৰত অনুষ্ঠিত বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি প্ৰদেশ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে নীলা শিয়ালৰ সাধুৰে নিজৰ ভাষণ আৰম্ভ কৰে ৷ শিয়াল এটাই নীলৰ পানীত পৰি নীলা হৈ জংঘলত যোৱাৰ পিচত যেতিয়া বাকী জীৱ-জন্তুবোৰে নতুন জীৱ অহা বুলি ভাৱি সকলোৱে শিয়ালটোক ৰজা পাতিছিল, ঠিক সেইদৰে বিধায়ক ফনীভূষণ চৌধুৰীকো ৰাইজে ৩২ বছৰে নেতা বনাই আহিছে বুলি কয় ৷

কিন্তু নীলা শিয়ালটোৱে বহুদিন ৰজা হৈ থাকিল যদিও হঠাৎ এদিন ডাঙৰ বৰষুণ আহাত শিয়ালটোৰ গাত লাগি থকা নীলৰ ৰং লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে আৰু শিয়ালটোৱেও নিজে গম নোপোৱাকৈয়ে মাজে মাজে হুৱা দিবলৈ ধৰিলে ৷ পিচত বাকী জীৱ-জন্তুই বুজিব পাৰিলে যে এইটো এটা সৰু শিয়ালহে ৷

সিংহতকৈতো ডাঙৰ কোনো জীৱ নহয় ৷ তেতিয়া শিয়ালৰ আচল ৰূপটো ওলাই আহিল ৷ বঙাইগাঁও সমষ্টিৰো যিজন নেতা তথা আপোনালোকৰ বিধায়ক তেওঁ ঠিক তেনেকুৱাই মানুহ ৷ কাৰণ এটা সময় আছিল যে তেওঁক অসমৰ মানুহে বুজি পোৱা নাছিল ৷ যাৰ বাবে ৩২টা বছৰে তেওঁক নীলা শিয়ালৰ দৰে ডাঙৰ জাতীয়তাবাদী নেতা বনাই ৰাখিলে ৷ মানুহেও তেওঁক বিৰাট আঞ্চলিকতাবাদী আৰু  জাতীয়তাবাদী নেতা বুলি ভাৱিলে আৰু তেওঁক সকলোৱে নেতা মানি চলি থাকিলে ৷

a

কিন্তু যেতিয়াই অসমজুৰি বিজেপিৰ বৰষুণ আৰম্ভ হ'ল তেতিয়া তেওঁৰ গাত লাগি থকা নীলা ৰঙটো লাহে লাহে নাইকিয়া হ'ল ৷ তেওঁৰ সতীৰ্থবিলাকে লাহে লাহে হুৱা যে কংগ্ৰেছ-অগপ ভাই-ভাই ৷ সকলোৱে গম পালে তেওঁ কি জাতীয়তাবাদী নেতা ৷ জাতীয়তাবাদৰ স্বৰূপটো ওলাই পৰিল ৷ গতিকে এই জাতীয়তাবাদ আৰু শেষ ৷ সাতটা বিধান সভা নিৰ্বাচনত কেৱল তেওঁক জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ নামত সুন্দৰভাৱে ৰাজপাটত বহাই ৰাখিলে ৷  

আজি তেওঁৰ হয়তো বহু সমৰ্থকে নিৰ্বাচন খেলি আৰু আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ কথা ক'ব ৷ কিন্তু জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ আজি কালি অগপৰ মুখত শোভা নাপায় ৷ কাৰণ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ যদি সত্বাক আটাইতকৈ অশ্ৰদ্ধা কৰিছে আৰু শেষ কৰি পেলাইছে, সেয়া হ'ল অগপৰ ফনীভূষণ চৌধুৰীৰ দৰে এই নেতাসকলে বুলিও কয় ৷ জাতীয়তাবাদ আৰু আঞ্চলকতাবাদৰ প্ৰতি শ্ৰদ্ধা আমাৰ আছে ৷ বিজেপি দলে এই শ্ৰদ্ধা অসম আন্দোলনৰ পৰাই দেখুৱাই থৈ আহিছে ৷

আমাৰ নেতা লালকৃষ্ণ আদবানী, অটল বিহাৰী বাজপেয়ীয়ে সেই সময়তে অসমৰ মানুহৰ লগত একাকাৰ হৈ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক শ্ৰদ্ধা কৰিছিল ৷ আজিও আমি আঞ্চলিকতাবাদ, জাতীয়তাবাদক শ্ৰদ্ধা কৰো ৷ কিন্তু জাতীয়তাবাদৰ নামত, আঞ্চলিকতাবাদৰ নামত মাত্ৰ ক্ষমতাই লাগিব, মাত্ৰ মন্ত্ৰী হ'বই লাগিব, মানুহৰ আশা-ভৰষা-আকাংক্ষাৰ ওপৰত কোনো গুৰুত্বই নাই, তেতিয়াহলে তেনেকুৱা জাতীয়তাবাদক আপোনালোকে বিদায় দিবৰ হ'ল আৰু আপোনালোকে বিদায় দিয়াৰ সংকল্প লওক ৷ তাৰ বাহিৰে আৰু বিকল্প নাই ৷ নহলে অসমখনক আৰু ধ্বংসৰ গৰাহলৈ লৈ যাব বুলিও কয় ৷

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৰাইজক উদ্দেশ্যি আৰু কয় যে আপোনালোকৰ বিধায়কজনতো আগৰে পৰা অলপ কংগ্ৰেছমুখী হৈ থাকে ৷ যোৱা ২০১৬ চনতো তেওঁ হয়তো মনে মনে বিচাৰিছিল যে কংগ্ৰেছৰ লগতে মিত্ৰতা হ'ব লাগে ৷ তেওঁ কংগ্ৰেছৰ লগতে মিত্ৰতা হোৱাতো বিচাৰিছিল ৷ কাৰণ তেওঁ ভাৱিছিল যে কংগ্ৰেছৰ লগত মিত্ৰতা হলে প্ৰথম লিষ্টখনতে তেওঁ মন্ত্ৰী হ'লেহেঁতেন ৷ কোনো জাতীয়তাবাদৰ কথা নাই ৷ যি মানুহে ৮৫৫ জনক ছহিদ কৰা কংগ্ৰেছ দলটোৰ লগত মিত্ৰতা কৰাৰ কথা ভাৱিব পাৰে, সেই মানুহ জাতীয়তাবাদী হ'ব পাৰে নেকি?

গতিকে এই জাতীয়তাবাদী নেতাবোৰক আৰু বঙাইগাঁওবাসীক প্ৰশ্ৰয় নিদিবলৈ কয় ৷ কাৰণ জাতীয়তাবাদ, আঞ্চলিকতাবাদ কৰি বহু বছৰ তথা তিনিটা দশক  পাৰ হৈ গ'ল ৷ এই তিনিটা দশকত আপোনালোকৰ বহু অভিজ্ঞতা হ'ল ৷ সেয়ে এইবাৰ  আমি কৈছো যে প্ৰকৃত জাতীয়তাবাদ যদি কৰিব লাগে, প্ৰকৃত আঞ্চলিকতাবাদ যদি কৰিব লাগে, অসমৰ খিলঞ্জিয়া মানুহক যদি একেলগ কৰি আগবঢ়াই নিব লাগে তেতিয়াহলে সেয়া বিজেপি দলৰ বাহিৰে আনে কৰিব নোৱাৰে ৷

কাৰণ আমি অগপৰ নেতাসকলক মন্ত্ৰী বনাবলৈ অগপৰ লগত মিত্ৰতা কৰা নাছিলো ৷ তৃণমূল পৰ্যায়ত থকা সেই জাতীয়তাবাদী সত্বা, আঞ্চলিকতাবাদী সত্বাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ লগত মিত্ৰতা কৰিছিলো ৷ ঠিক তেনে দৰে বড়ো জাতীয়তাবাদক সন্মান কৰি বি পি এফৰ লগত মিত্ৰতা কৰিছিলো ৷ মিচিঙক সন্মান কৰি আমি গণ শক্তিৰ লগত মিত্ৰতা কৰিছিলো ৷

ৰাভাৰ লগত, তিৱাৰ লগত মিত্ৰতা কৰিছিলো ৷ অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীক একগোট কৰি বিজেপিয়ে বিচাৰিছিল যে খিলঞ্জীয়া মানুহৰ দখলত থকা এখন অসম নিৰ্মান কৰিব লাগিব আৰু সেই দায়িত্ব সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকলৈ আগবাঢ়িছিল, তৃণমূল পৰ্যায় মানুহকলৈ আগবাঢ়িছিল যাতে অসমখনক এখন সুৰক্ষিত আৰু বিকশিত অসম কৰিব পাৰে ৷ সেয়ে যদি দুৰ্নীতিৰ বিৰুদ্ধে সবল স্থিতি ল'ব লাগে আৰু অসমখনক বিকশিত কৰাৰ স্বাৰ্থত তথা অসমখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত সকলোকে বিজেপি দলক ভোটদানৰ কৰিবলৈ আহ্বান জনায় ৷

Your Comments