সংস্কৃতিবান মানুহে এনেধৰণৰ মন্তব্য নকৰে : ৰিপুণ বৰা 

ে

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে যে এইখন এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশ ৷ এই গণতান্ত্ৰিক দেশত  সকলো বস্তুৰে সমান অধিকাৰ আছে ৷ ধুতিৰো সমান অধিকাৰ আছে, লুঙীৰো আছে আৰু টুপীৰো সমান অধিকাৰ আছে ৷ কোনে কি পিন্ধে বা কোনে কি খায় সেয়া সকলোৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ আছে ৷ গতিকে মন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই ধুতি-লুঙীৰ কথা কোৱাতো অগণতান্ত্ৰিক আৰু অসাংবিধানিক ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

বৃহস্পতিবাৰে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত বৰাই এই মন্তব্য কৰে ৷ উল্লেখ্য যে শেহতীয়াভাৱে বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনী সভাত কংগ্ৰেছ চৰকাৰে ধুতি-লুঙীৰ ৰাজনীতি কৰিছিল বুলি সমালোচনা কৰি অহাৰ লগতে দলটোৱে আৰু পাঁচ বছৰ শাসন কৰিলে কংগ্ৰেছৰ প্ৰতীক হাত গুচি ধুতি-লুঙী হ'লহেঁতেন বুলি সমালোচনা কৰি অহা বুলি সাংবাদিকে সোধা প্ৰশ্নত্তোৰত কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে যিবিলাক মানুহ সংস্কৃতিবান আৰু যাৰ চিন্তাধাৰাও সংস্কৃতিবান সেই মানুহে এনেকুৱা মন্তব্য কৰিবলৈ নাযায় ৷ তেওঁ আৰু কয় যে আমাৰ দেশৰ সংবিধানত কোৱা হৈছে যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ ৷

ধৰ্ম নিৰপেক্ষ দেশত আমি সকলো ধৰ্মৰ আৰু  সকলো জাতিৰ মানুহৰ প্ৰতি সমান সন্মান প্ৰদৰ্শন কৰিব লাগে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাৰে কি বুজাব বিচাৰিছে বুলিও প্ৰশ্ন কৰে ৷ লগতে  কয় যে তেঁও এজন মন্ত্ৰী, যিজনে সংবিধানখন চুই শপত খাইছে ৷ সেই সংবিধানে কি কৈছে?  শপতত কৈছে যে মই সকলোৰে প্ৰতি সম সন্মান প্ৰদৰ্শন কৰিম ৷

কিন্তু তেওঁ সন্মান প্ৰদৰ্শন কৰিছে নেকি? বৰং তেওঁ লুঙী, ধুতি, টুপী পিন্ধা মানুহবোৰক অসন্মানহে কৰিছে ৷ তাৰোপৰি তেওঁ আজি কংগ্ৰেছক সমালোচনা কৰিছে ৷ আজি তেওঁৰ কাৰণে কংগ্ৰেছ বেয়া হৈ গ'ল ৷ কিন্তু কালিলৈকে তেওঁ কংগ্ৰেছ দলত থাকোতে কৈছিল যে গুজৰাটত পাইপেৰে মুছলমানৰ তেজ যায় বুলি৷

যি কংগ্ৰেছত তেওঁৰ জন্ম, যি কংগ্ৰেছে তেওঁক তিনিবাৰকৈ মন্ত্ৰী-বিধায়ক পাতি এই পৰ্যায়লৈ আনিলে আজি সেই কংগ্ৰেছ তেওঁৰ কাৰণে বেয়া হ'ল ৷ গতিকে সকলোৱে এতিয়া বুজি পাইছে যে এইবোৰ যে কেৱল চমক সৃষ্টি কৰিবলৈকে কোৱা কথা ৷ প্ৰকৃতাৰ্থত ইয়াৰ কোনো ভ্যেলু নাই  ৷ 

Your Comments