‘ৰাজ্যখনত প্ৰথম পৰ্যায়ত ১৬ খন জিলাত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল সেই নিৰ্বাচনত সকলো কেইখন জিলাতে আমি কংগ্ৰেছ দলে জিলা পৰিষদ গঠন কৰিম ৷ আমি কংগ্ৰেছ দল বিজেপিতকৈ আগত আছো’৷ -এই দাবী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুণ বৰাৰ। আজি বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে প্ৰথম পৰ্যায়ত ৭৫ শতাংশ ভোটদান হোৱাটো ভাল কথা ৷ কাৰণ এই পঞ্চায়ত নিৰ্বাচন গ্ৰামাঞ্চলতহে হয়। ইয়াৰ অধিকাংশ ভোটেই কংগ্ৰেছ দলে লাভ কৰিব৷
বিজেপি-অগপৰ মাজত যি প্ৰতিদ্বন্দ্বিতা হৈছে, সেই প্ৰতিদ্বন্দ্বিতাৰ ফলত কংগ্ৰেছ জয়ী হৈছে৷ অগপ আৰু বিজেপিয়ে যি ৰাজনীতি কৰিছিল আৰু কৌশল লৈছিল সেই কৌশলত তেওঁলোক সফল হ’ব নোৱাৰিলে। তেওঁলোকৰ ৰণকৌশল আছিল যে তেওঁলোকে বাহিৰত দেখুৱাই কাজিয়া কৰিব আৰু ভিতৰি মিত্ৰতা অক্ষুণ্ণ ৰাখিব৷ তাৰোপৰি তেওঁলোকে ৰাইজৰ মাজত এনে এটা মনোভাৱ দেখুৱাইছে যে অগপ-বিজেপিৰ ভিতৰত ভীষণ কাজিয়া। দুয়োটা দলে দুয়োকে গুৱাল গালি পাৰিছে।
পঞ্চায়ত নিৰ্বাচনৰ সভাবোৰত মূলতে প্ৰতিটো ৰাজনৈতিক দলে ভাষণ দিব লাগে দলৰ এজেণ্ডা কি, পঞ্চায়ত নিৰ্বাচনত জয়ী হ’লে কি কৰিব এই বিলাক কথা ক’ব লাগে৷ মানুহে এই বিলাক কথাহে শুনিবলৈ সভালৈ আহে। কিন্তু অসমত এতিয়া অগপৰ পঞ্চায়ত নিৰ্বাচনী সভাত নিজ দলৰ এজেণ্ডাৰ কথা কোৱাটো দূৰৰে কথা বৰং কেৱল বিজেপিকহে গালি পাৰিছে৷
সেইদৰে বিজেপিৰ সভাতো এজেণ্ডা নাই। কেৱল অগপক গালি পাৰিছে৷ এইটোৱে তেওঁলোকৰ ভাষণ হৈ পৰিছে। সেয়ে তেওঁলোকৰ এইখন এখন নাটক৷ সংবাদ মাধ্যম, সভাই সমিতিয়ে দুয়োটা দলে দুয়োটা দলকে গালি-গালাজ পাৰিছে। এই নাটক ৰাইজে বুজি উঠিছে৷ সভাপতি বৰাই আৰু কয় যে বিজেপিয়ে দেখিছে যে বিজেপি দলৰ প্ৰতি ৰাইজৰ মোহভংগ ঘটিছে৷ তেওঁলোকৰ আভ্যন্তৰীণ সমীক্ষাটো ৰাইজে যে বিজেপিক ভোট নিদিয়ে সেয়া ওলাই পৰিছে। তাৰোপৰি বিজেপি আৰু অগপৰ ভোট বেংকো একেটাই।
অসমত বিজেপি নাছিলেই। যিসকল অগপ আছিল সেইসকলেই ২০১৪ আৰু ২০১৬ চনত সাধাৰণতে বিজেপিলৈ পৰিৱৰ্তিত হৈছিল৷ দুয়োটা দলৰ সমৰ্থক একেখিনি মানুহেই৷ এই কাৰণে তেওঁলোকৰ কৌশলটো আছিল যে যিহেতু মানুহে বিজেপিক বেয়া পাইছে, সেয়ে বিজেপিৰ ভোটখিনি কংগ্ৰেছলৈ যাব৷ গতিকে ভোটখিনি যাতে কংগ্ৰেছলৈ নাজায়, তাক প্ৰতিৰোধ কৰাৰ বাবে আৰু ভোটখিনি অগপলৈ যাতে আহে তাৰ বাবে দুই দলে এই নাটকখন কৰিছে৷ অৰ্থাৎ বিজেপিৰ ভোটখিনি অগপ দলত যাতে থাকি যায় তাৰ বাবেই এই নাটক ৰচনা কৰিছে। বিশেষকৈ সংখ্যালঘু অঞ্চলত ধৰ্মীয় সংখ্যালঘু মানুহে কেতিয়াও বিজেপিক ভোট নিদিয়ে৷
বিজেপিক ভোট নিদিলে ভোটখিনি কংগ্ৰেছক দিব৷ কংগ্ৰেছক যাতে নিদিয়ে তাৰ বিকল্প হিচাপে অগপক যাতে দিয়ে তাৰ বাবে দুই দলে এই কৌশল অৱলম্বন কৰিছিল৷ কিন্তু দল দুটাই ৰচনা কৰা কৌশল নিৰ্বাচনী পথাৰত কাম নকৰিলে৷ আমি পোৱা খবৰ মতে গোটেই উজনি অসম তথা ১৬ খন জিলাত প্ৰথম পৰ্যায়ত যি ভোটদান হৈছে তাত অগপৰ প্ৰতিও মানুহ নাৰাজ আৰু বিজেপিৰ প্ৰতিও নাৰাজ হৈছে। অগপৰ প্ৰতি মানুহ এই কাৰণে নাৰাজ যে মানুহে ইতিমধ্যে বুজি পাইছে যে অগপ আৰু বিজেপি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি৷
লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰতো অগপ আৰু বিজেপিৰ স্থিতি একেটাই৷ দেখাত অগপই বিৰোধিতা কৰিছে যদিও কেবিনেটত একেলগে আছে। কেবিনেটৰ পৰা যিহেতু অগপই ওলাই অহা নাই বা পদত্যাগ কৰা নাই, সেয়ে মানুহৰ অগপৰ ওপৰত আস্থা নাইকিয়া হৈছে৷ তাৰোপৰি চৰকাৰ চলাওতে দুয়োটা দলৰ মাজত ইমানেই কাজিয়া হৈছে তথা বিজেপিয়ে লাজ লগাকৈ অগপক তিৰস্কাৰ কৰাৰ লগতে গুৱাল গালি পাৰিছে যে আত্মসন্মান থাকিলে অগপই চৰকাৰৰ পৰা ওলাই আহিলেহেঁতেন৷
কিন্তু সেয়া হোৱা নাই। মানুহে স্বভাৱিকতে বুজিছে যে উন্নয়ন তেওঁলোকৰ মূল ইছ্যু নহয়৷ সেয়ে ৰাইজ আজি অসন্তুষ্ট। যাব বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অগপকো মানুহে বেয়া পাইছে, বিজেপিকো বেয়া পাইছে আৰু ইয়াৰ ফলত ভোটখিনি কংগ্ৰেছলৈ আহিছে। কংগ্ৰেছৰ নিজস্ব যিখিনি ভোট আছে সেইখিনিতো আছেই আৰু কংগ্ৰেছ দলে লাভ কৰিছেই৷ ওপৰোঞ্চিভাৱে ভোট পাইছে৷ সেই বাবে প্ৰথম পৰ্যায়ত কংগ্ৰেছে গৰিষ্ঠ সংখ্যক আসনেই পাব বুলিও সভাপতিগৰাকীয়ে দাবী কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ১৬ খন জিলাতে কংগ্ৰেছ দলে জিলা পৰিষদ গঠন কৰাটো নিশ্চিত বুলিও কয়৷
ইপিনে গোলাঘাটত আৰক্ষীয়ে এজন নিৰীহ লোকক গুলীয়াই হত্যা কৰা ঘটনাক কংগ্ৰেছ দলে তীব্ৰ গৰিহণা দিয়াৰ লগতে নিন্দা কৰে৷ লগতে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে আৰু মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও চৰকাৰক দাবী জনাই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি চৰকাৰে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিব নোৱাৰি এতিয়া সাধাৰণ লোকক গুলীয়াই হত্যা কৰিছে৷ এয়াই হৈছে চৰকাৰৰ মনোভাৱ৷ তেওঁ বিজেপি চৰকাৰক চৈৰাচাৰী চৰকাৰ বুলিও আখ্যা দিয়ে৷
সংবাদ মেলত বৰাই আৰু কয় যে কংগ্ৰেছ দল শাসনত থাকোতে কংগ্ৰেছ দলেই পঞ্চায়ত দখল কৰিছিল৷ প্ৰতিদ্বন্দ্বী কোনো নাছিল৷ কিন্তু বিজেপি চৰকাৰৰ মাত্ৰ আঢ়ৈ বছৰতে তেওঁলোকৰ জনপ্ৰিয়তা ইমানেই কমি গ’ল যে নিৰ্বাচনত কংগ্ৰেছৰ লগত বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু কংগ্ৰেছেই বেছি আসন পাব। অৱশ্যে ফলাফলে সকলো ক’ব৷ কিন্তু এয়া চৰকাৰৰ বিফলতা। আনহাতে বিজেপি চৰকাৰে সঠিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা বুলিও সমালোচনা কৰে৷
বিভিন্ন ঠাইত বেলট পেপাৰৰ বিসংগতি হৈছে৷ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো বিসংগতি হোৱাৰ বাবে শ শ লোকে ভোটদানৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ কৰে৷ সংবাদ মেলত ১৬ খন জিলাৰ ৰাইজক কংগ্ৰেছ দলক ভোটদান কৰাৰ বাবে ধন্যবাদো জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। লগতে এবাৰ দলটোয়ে ছাইলেন ভোটো লাভ কৰা বুলি কয়। সংবাদ মেলত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰীশ বৰুৱা আদিকে ধৰি কেবাগৰাকীও কংগ্ৰেছ নেতা উপস্থিত থাকে।
উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে জিলাখনৰ বিদ্যাপুৰ, বালাপাৰা আদিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷
- Log in to post comments
- 9 views