গোলাঘাটৰ ১নং হাবিয়াল গাওঁৰ ভোটকেন্দ্ৰত গুলীচালনাত এজন নিহত

a

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচীত গোলাঘাট ১নং হাবিয়াল গাওঁৰ হাবিচুকত নিৰাপত্তাৰক্ষীৰ  গুলীত আঘাতপ্ৰাপ্ত এজন লোকৰ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। জানিব পৰা মতে, জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ লোকজনে পুৱা ভোট কেন্দ্ৰটোত এখন চোঁকা অস্ত্ৰ লৈ ভোটাৰক ভাবুকি প্ৰদান কৰিছিল।

কিছু সময়ৰ পিছত গোলাঘাটৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত এটি আৰক্ষী দলে সেই ঠাইত উপস্থিত হৈ ব্যক্তিজনক কৰায়ক্ত কৰিবলৈ চেষ্টা কৰে যদিওঁ লোকজনে উলটি আৰক্ষী দলটোলৈ চোঁচা লোৱাত উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলীওৱাত লোকজন আঘাতপ্ৰাপ্ত হয়। অৱশ্যে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও লোকজনে বিয়লি মৃত্যুক সাৱটি লয়।

এতিয়া প্ৰশ্ন উঠিছে যে, ভোট কেন্দ্ৰটোত ইমান বৃহৎ নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ স্বত্বেও এজন লোকক কৰায়ক্ত কৰিব নোৱাৰি এনেদৰে গুলীয়াব লগীয়া হোৱা কাৰ্য গাওঁবাসীয়ে সহজেভাৱে ল'ব পৰা নাই। জানিব পৰা মতে, মৃত ব্যক্তিজনে সীমান্ত নিৰাপত্তা ৰক্ষীৰ চাকৰিত নিয়োগ হৈ আছিল ।  যদিওঁ কিছুদিন পূৰ্বে মানসিক বিকাৰগ্ৰস্ততা ৰোগত ভোগাৰ বাবে চাকৰি পৰা অব্যাহতি লৈছিল।

Your Comments