বঙাইগাঁৱৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ ফলকত বীৰ চিলাৰায় পথ উল্লেখ কৰিবলৈ আহ্বান যুৱ ছাত্ৰ সন্মিলনীৰ 

ে

বঙাইগাঁও উত্তৰ-শালমাৰা সংযোগী বীৰ চিলাৰায় পথৰ দাঁতিত থকা কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ নাম ফলক আৰু যাৱতীয় নথি-পত্ৰত পথটোৰ নাম বীৰ চিলাৰায় পথ বুলি উল্লেখ তথা ব্যৱহাৰ কৰিবলৈ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়েসকলো পক্ষকে আহ্বান জনাইছে ৷ এই সন্দৰ্ভত সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে এক বিবৃতিত কয় যে ১৯৯৭ চনৰ ২০ ফেব্ৰুৱাৰীত চাপাগুৰীৰ পৰা বঙাইগাঁও চহৰৰ মাজেৰে উত্তৰ শালমাৰা সংযোগী পথটোৰ নামাকৰণ বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অসম চৰকাৰে 'বীৰ চিলাৰায় পথ' হিচাপে নামাকৰণ কৰিছিল ৷

কিন্তু অতি পৰিতাপৰ বিষয় যে দুই-এটা অনুষ্ঠান-প্ৰতিষ্ঠানক বাদ দি বেছিভাগ অনুষ্ঠান-প্ৰতিষ্ঠানতে পুৰণিকলীয়া অপ্ৰাসংগিক আৰু ভুল নাম ক্ৰমে মেইন ৰোড, এ ও চি ৰোড, চাপাগুৰী ৰোড আদি নামসমূহ ব্যৱহাৰ হৈ আছে ৷ সেয়ে বৰ্তমান ব্যৱহৃত মেইন ৰোড, এ ও চি ৰোড, চাপাগুৰী ৰোড নামসমূহৰ পৰিৱৰ্তে সকলো কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদিকে ধৰি সকলো পক্ষকে অহা ৩০ ডিচেম্বৰৰ ভিতৰত পথটোৰ শুদ্ধ নাম 'বীৰ চিলাৰায় পথ' হিচাপে নাম ফলক তথা নথি পত্ৰত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷

ইতিমধ্যে সংগঠনটোৱে সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আদিক পথটোৰ নাম বীৰ চিলাৰায় পথ হিচাবে নাম ফলক আৰু নথি-পত্ৰত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অহা ৭ ডিচেম্বৰৰ পৰা এই পত্ৰসমূহ প্ৰেৰণ কৰি সকলো পক্ষকে অনুৰোধ জনাব সংগঠনটোৱে ৷

Your Comments