বিশ্বনাথত উত্তপ্ত ৰাইজে বেলট বাকচ ভাঙি বেলট পেপাৰত লগালে জুই 

z

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই বিশ্বনাথৰ মুখৰগড় পঞ্চায়তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰাপ্ত তথ্য মতে মুখৰ গড় পঞ্চায়তৰ অন্তৰ্গত গোপ সাধাৰু কছাৰী লাইন এল. পি স্কুলৰ ২নং ৱাৰ্ড কেন্দ্ৰত আজি বেলত পেপাৰ খেলি মেলি হয়। মুখৰগড় পঞ্চায়তৰ কংগ্ৰেছৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী পদ্মিনী ঘাটোৱাৰ আৰু বিজেপিৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী পূজা চাউৰাৰ পৰিৱৰ্তে বেলট পেপাৰত কুঁৱৰী পঞ্চায়তৰ কংগ্ৰেছৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নিত্য নাৰ্জাৰী আৰু বিজেপিৰ ভাৰতীদেৱী ভূঞাৰ নাম।

s

উক্ত অঞ্চলৰ অধিকাংশ ভোটাৰেই নিৰক্ষৰ হোৱাৰ বাবে ভোটাৰসকলে প্ৰাৰ্থীৰ নামৰ সলনি চিম্বল চাইহে ভোটদান কৰিছিল । ৯৪৬ জন ভোটাৰ থকা কেন্দ্ৰটোত আশী শতাংশ ভোটদান প্রায় সম্পূৰ্ণ হৈছিল তেনেস্থলত উক্ত অঞ্চলৰ এজন শিক্ষিত যুৱক সুৰজেন গুৱালাই ভোটদান কৰোঁতে নিজ ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম বেলট পেপাৰত নেদেখি ভোট গ্ৰহণ কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াক বিষয়টো অৱগত কৰাৰ উপৰিও স্থানীয় ৰাইজক অৱগত কৰে ।

লগে লগেই ভোট কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।পৰিস্থিতি ইমানেই উত্তপ্ত হয় যে  ৰাইজে বেলট বক্স ভাঙি বেলত পেপাৰসমূহ জুই লগাই দিয়ে। পিছত প্ৰশাসনৰ লোক অহাতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও ৰাইজে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ দাবী জনোৱাৰ উপৰিও আজিৰ দিনটোৰ মজুৰি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে । 

Your Comments