দৰঙৰ পৰা উজ্জ্বল জ্যোতি ডেকা
দৰং জিলাত প্ৰথম পৰ্যায়ত আজি অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়চোৱাত জিলাখনত নিয়োজিত এগৰাকী চৰকাৰী কৰ্মচাৰীৰ লগতে এগৰাকী ভোটাৰ উচ্চ ৰক্তচাপ জনিত কাৰণত মৃত্যু মুখত পৰিছে। আনহাতে নিৰ্বাচনৰ কামত নিয়োজিত হৈ থকা আৰক্ষী জোৱান এজনো কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ পৰাত চিকিৎসাধীন হ'বলগীয়া হয়। জানিব পৰা মতে মঙলদৈ মহাবিদ্যালয়ত অস্থায়ীভাৱে নিৰ্বাচন পৰিচলনা কৰাৰ বাবে স্থাপন কৰা কাৰ্যালয়ত যাৱতীয় সামগ্ৰী প্ৰেৰণ আৰু গ্ৰহণ কোষৰ চুপাৰ ভাইজাৰ হিচাপে নিয়োজিত গড়কপ্তানি গ্ৰাম্য পথ দলগাঁও উপ-সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা ৰাতুল শইকীয়াই মঙলবাৰে নিশা নিজৰ কাম সম্পন্ন কৰি মঙলদৈ মহাবিদ্যালয়ৰ সন্মুখৰ এঘৰ মানুহৰ ঘৰত নিশা যাপন কৰিবলৈ গৈছিল।
একেটা বিভাগতে কমৰ্ৰত প্ৰমিলা দেৱী নামৰ মহিলাগৰাকীৰ ঘৰৰ চৌহদত থকা এটা কোঠাত ৰাতুল শইকীয়া (৫৫) নৈশ যাপন কৰিছিল আৰু আজি পুৱা শুই উঠি প্ৰাতঃকৃত সম্পন্ন কৰি পুনৰ কোঠাটোত প্ৰবেশ কৰিছিল বুলি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা গৈছে। ইয়ালৈ সকলো ঠিকেই আছিল যদিও ৰাতুল শইকীয়া আজি দিনৰ ১২ বজালৈ শুই নুঠা দেখি গৃহস্থই কোঠাটোৰ দুৱাৰ খোলাত শইকীয়াক মজিয়াত পৰি থকা দেখা পায়।
এই দৃশ্য দেখি হুৱা-দোৱা লগাত স্থানীয় লোকসকল আহি ব্যক্তিগৰাকীক মৃত্যু অৱস্থাত উদ্ধাৰ কৰে, তেওঁৰ মুখেৰে ফেন উলাই থকাৰ লগতে তেজো নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰে । প্ৰয়াত ৰাতুল শইকীয়াৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত স্থানীয় লোকসকলে মঙলদৈ থানাত অৱগত কৰাত আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে মঙলদৈ চহৰৰ নিকটৱৰ্তী শইকীয়াপাৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ গৈ পুৱা প্ৰায় ৯ মান বজাত পূৰ্ণ ডেকা (৫৫) নামৰ লোক এজনে শাৰী পাতি থকা অৱস্থাত মূৰ্চ্চা যায়।
স্থানীয় লোকসকলে তেওঁক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসাকে তেওঁক মৃত বুলি ঘোষণা কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ চাৰিগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায় । ইফালে জিলাখনৰ ২ নম্বৰ ঠেকেৰাবাৰী প্ৰাথমিক বিদ্যালয়ত নিৰ্বাচনৰ কামত নিয়োজিত হৈ থকা সময়তে দীপমণি গায়ন নামৰ আৰক্ষী জোৱান এজনো মূৰ্চ্চা যায়।
উচ্চ ৰক্তচাপ জনিত কাৰণত মূৰ্চ্চা যোৱা আৰক্ষী জোৱান গায়নক ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় চিকিৎসা প্ৰদান কৰাত তেওঁ বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 303 views