বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাত অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে দুগৰাকী নিৰ্বাচনী পৰ্যৱেক্ষক নিযুক্ত কৰা হৈছে ৷ নিৰ্বাচনী পৰ্যৱেক্ষক দুগৰাকী হ'ল ৰাজ্য চৰকাৰৰ চাহ জনজাতি কল্যাণ আদি বিভাগৰ উপ-সচিব কৰৱী শইকীয়া কৰণ আৰু প্ৰিন্টিং আৰু ষ্টেচনাৰী বিভাগৰ যুটীয়া সচিব পদ্ম কুমাৰ ছেত্ৰী ৷ ইতিমধ্যে দুয়োগৰাকী পৰ্যৱেক্ষকে বঙাইগাঁও আৱৰ্ত ভৱনত বাহৰ পাতিছে ৷ কোনো লোকে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত কিবা জনাব বিচাৰিলে পৰ্যৱেক্ষক দুগৰাকীক লগ ধৰি জনাব পাৰিব ৷ পৰ্যৱেক্ষক দুগৰাকীৰ যোগাযোগ নম্বৰ হ'ল ০৩৬৬৪-২২৫১৫০ ৷
- Log in to post comments
- 3 views