আজি কলিয়াবৰত  ১০৪৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় 

a

মন্ত্ৰী কেশৱ মহন্তৰ ভোট দান । কলিয়াবৰ মহকুমাৰ ৩০৮টা ভোট গ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা শান্তিপূৰ্ণভাবে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া । ভোট গ্ৰহণ কেন্দ্ৰসমূহত পুৱা ৭ বজাতে ভোটাৰ ৰাইজে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পতা পৰিলক্ষিত হৈছে।  মহকুমাটিৰ ৯১টা অতি স্পৰ্শকাতৰ আৰু ৭৯টা স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰকে ধৰি মুঠ ৩০৮টা ভোট গ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলাই নিবৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

মহকুমাটিৰ ৬টা জিলা পৰিষদ সমষ্টি, ২৯ খন গাওঁ পঞ্চায়তৰ সভাপতি আৰু তিনিখন আঞ্চলিক পঞ্চায়তৰ ২৯টা  আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীৰ  লগতে ২৮৯টা গাওঁ সভা সমষ্টিৰ সৰ্বমুঠ  ১০৪৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২ লাখ ৭ হাজাৰ ৭শ ৯৭জন ভোটাধিকাৰীয়ে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১০৬৯১৮ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১০০৭৭৯৭ জন।

স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ  মহন্তই গৃহ পঞ্চায়ত পূৱ-পূৱথৰীয়া গাওঁ পঞ্চায়তৰ কুঁৱৰীটোল মুক্তাৱ এল পি স্কুল  ভোটগ্ৰহণ কেন্দ্ৰত পুৱা উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে। কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে পুৱা কুঁৱৰীটোল হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰে।

Your Comments