অভি-নীল হত্যাকাণ্ডৰ পৰৱৰ্তী  শুনানি ১ ডিচেম্বৰত  

s

নগাঁৱৰ  পৰা  ঋতু পৰ্ণ  শৰ্মা

দেশ কঁপাই যোৱা কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভিজিৎ-নীলোৎপল হত্যাকাণ্ডৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰু  নগাঁও কাৰাগাৰত থকা অভিযুক্তসকলক বৃহস্পতিবাৰে নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ  কৰোৱা  হয় । এই  নাৰকীয় ঘটনাৰ মুঠ ৪৮জন অভিযুক্তৰ এজন নাবালক হোৱাত তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল আদালতত চলি থকাৰ বাবে তেওঁক সম্প্ৰতি যোৰহাটৰ শিশু পৰিচৰ্য্যা গৃহত ৰখা হৈছে ।

বাকী ৪৭জন  অভিযুক্তৰ গোচৰ নগাঁও আদালতত চলিব । নগাঁৱৰ আদালতে  যোৱা  ৪ নবেম্বৰত দিন ধাৰ্য কৰা অনুসৰি বৃহস্পতিবাৰে তেওঁলোকক নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সত্ৰ আৰু জিলা ন্যায়াধীশৰ   আদালতত হাজিৰ কৰোৱা হয় আৰু অহা ১ ডিচেম্বৰত শুনানিৰ দিন ধাৰ্য কৰা হয় ।

উক্ত দিনাৰ পৰাই আদালতে ডকমকা কাণ্ডৰ  সাক্ষ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে ডিফুৰ কাৰাগাৰত থকা উক্ত হত্যাকাণ্ডৰ ৪৭জন  অভিযুক্তক ১৮ছেপ্টেম্বৰত নগাঁৱলৈ আনি সেইদিনাই প্ৰথম আদালতত হাজিৰ কৰাইছিল । আদালতত হাজিৰ কৰোৱাৰ পিছত অভিযুক্তসকলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পিছত ১০অক্টোবৰত দ্বিতীয়বাৰৰ বাবে আদালতত হাজিৰ  কৰোৱাৰ লগতে ৮ নবেম্বৰত শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ।

অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃ-মাতৃয়ে ডিফুৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিলে অভিযুক্ত পক্ষৰ হেচাঁত ভুক্তভোগীয়ে সঠিক ন্যায় পোৱাৰ ক্ষেত্ৰত শংকা প্ৰকাশ কৰি গোচৰটোৰ  বিচাৰ নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন  লেখ আবেদন জনাইছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত উচ্চ  ন্যায়ালয়ে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ড সন্দৰ্ভত ডিফু থানাত ৰুজু হোৱা গোচৰটো নগাঁৱৰ আদালতলৈ স্থানান্তৰ  কৰে ।

Your Comments