ট্ৰাকত অগ্নি সংযোগৰ ঘটনাৰ সৈতে জড়িত নহয় আক্ৰাছু : ঘটনাক তীব্ৰ গৰিহণা

ট্ৰাকত অগ্নি সংযোগৰ ঘটনাৰ সৈতে জড়িত নহয় আক্ৰাছু : ঘটনাক তীব্ৰ গৰিহণা

কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত ২০ নৱেম্বৰৰ নিশা সংঘটিত ট্ৰাকত অগ্নি সংযোগৰ ঘটনাৰ সৈতে আক্ৰাছুৰ কোনো সদস্য জড়িত নহয় বুলি স্পষ্ট কৰি দিছে সংগঠনটোৰ নেতৃত্বই ৷ লগতে উক্ত জঘন্য ঘটনাক আক্ৰাছুৱে তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ ন্যায়িক তদন্ত কৰি প্ৰকৃত দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰো দাবী জনাইছে ৷

আক্ৰাছু নেতৃত্বই এই ঘটনাক পৰিকল্পিত ঘটনা বুলিও সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে আজি এই ঘটনা সন্দৰ্ভত সংগঠনটোৱে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে ৷

সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন, উপদেষ্টা হিতেশ্বৰ বৰ্মন আদি উপস্থিত থকা সংবাদমেলত আক্ৰাছুৰ নেতৃত্বই কয় যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই যোৱা ১৯ আৰু ২০ নৱেম্বৰত বিটিএডিক ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিললৈ উন্নীত কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল ৷ উক্ত বন্ধৰ কাৰ্যসূচীক বিভিন্ন দল-সংগঠনে সমৰ্থন আগবঢ়াইছিল ৷

ট্ৰাকত অগ্নি সংযোগৰ ঘটনাৰ সৈতে জড়িত নহয় আক্ৰাছু : ঘটনাক তীব্ৰ গৰিহণা

আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচী বিভিন্ন দল-সংগঠনৰ সমৰ্থনত শান্তিপূৰ্ণভাৱে ৰূপায়িত হৈ আছিল ৷ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়েও বন্ধৰ কাৰ্যসূচীৰ সময়ত যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ'ব নোৱাৰে আৰু জনসাধাৰণৰ ব্যাঘাত নোহোৱাকৈ বন্ধৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে ৰূপায়ণ কৰিব লাগিব বুলি প্ৰতিখন জিলা আৰু আঞ্চলিক সমিতিক নিৰ্দেশ প্ৰেৰণ কৰিছিল ৷

কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ পালন কৰি সংগঠনটোৰ সদস্যসকলেও কাৰো ব্যাঘাত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনকি ২০ নৱেম্বৰৰ দিনটো বিবাহৰ মাংগলিক দিন হোৱাত সিদিনা যাতে বন্ধৰ সমৰ্থকে বিবাহ যাত্ৰীৰ বাছ, বিবাহ যাত্ৰীৰ বাহনৰ কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰবাবেও জিলা আৰু আঞ্চলিক সমিতিসমূহক নিৰ্দেশ প্ৰেৰণ কৰা হৈছিল বুলি কয় ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আৰু আঞ্চলিক সমিতিসমূহে বিবাহ যাত্ৰীৰ বাহনৰ লগতে জনসাধাৰণৰ গাড়ীৰো কোনো ধৰণৰ ক্ষতিসাধন কৰা নাই ৷ বিভিন্ন ঠাইত বজাৰো খোলা আছিল ৷

কিন্তু সংগঠনটোৱে আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচীৰ সৰ্বাত্মক ৰূপ দেখি বিৰোধী পক্ষই ষড়যন্ত্ৰ কৰি সংগঠনটোৰ গণতান্ত্ৰিক আন্দোলনক বিপথে পৰিচালিত কৰিবৰ বাবে যোৱা ২০ নৱেম্বৰৰ নিশা প্ৰায় ১১ৰ পৰা ১১.৩০মান বজাত চেৰফাংগুৰি আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ৰ সন্মুখত এখন মালবাহী ট্ৰাকত পেট্ৰ'ল বোমাৰ দ্বাৰা অগ্নিসংযোগ কৰে ৷

এই ঘটনাত ট্ৰাক চালকজনে থিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ৷ আমি আক্ৰাছুৱে উক্ত জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছো ৷ কিন্তু দেখা গৈছে যে বিভিন্ন মহলে উক্ত জঘন্য ঘটনাৰ সৈতে আক্ৰাছুক জড়িত কৰি সমস্ত দোষ আক্ৰাছুৰ ওপৰত জাপি দিয়াৰ অহৰহ প্ৰচেষ্টা চলাই আছে ৷ এই ক্ষেত্ৰত আমি স্পষ্ট কৰি দিব বিচাৰিছো যে উক্ত ঘটনাৰ লগত আক্ৰাছুৰ কৰ্মী কোনোপধ্যে জড়িত নহয় ৷

এয়া সংগঠনটোৰ ওপৰত কৰা এক গভীৰ ষড়যন্ত্ৰ বুলিহে আক্ৰাছুৰ নেতৃত্বই দাবী কৰে ৷ সংবাদমেলত আক্ৰাছুৰ নেতৃত্বই আৰু কয় যে যোৱা ২০ নৱেম্বৰত কোকৰাঝাৰ জিলা আক্ৰাছুৰ সভাপতি কংকন ৰায়ৰ ককায়েকৰ বিয়া থকাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ লগতে চেৰফাংগুৰি আঞ্চলিক সমিতিয়ো নিশা ১২ বজালৈ বিয়া ঘৰতে আছিল ৷

পুলিচ প্ৰশাসনে কোৱা মতে ঘটনাটো সংঘটিত হয় নিশা ১১ৰ পৰা ১১.৩০ বজাত ৷ গতিকে উক্ত জঘন্য ঘটনাটো এটা পৰিকল্পিত ষড়যন্ত্ৰ বুলিহে অভিযোগ কৰে ৷ আক্ৰাছুৰ নেতৃত্বই সংবাদমেলত প্ৰকাশ কৰা মতে, ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চেৰফাংগুৰি অঞ্চলৰ নাৰাবাৰীৰ প্ৰহ্লাদ অধিকাৰী, বিমল ৰায়, শ্যামল ৰায়, বিমল বৰ্মন, মাধৱ ৰায়, সুনীল ৰায়ৰ লগতে কলাবাৰীৰ কৰ্ণ ৰায়, সুধীৰ অধিকাৰী, পংকজ অধিকাৰী আৰু নানী ৰায় নামৰ নিৰ্দোষী দহজনকৈ লোকক আটক কৰি ঘৰৰ পৰা উঠাই লৈ যায় ৷

লোককেইজনক আটক কৰি নিয়াৰ সময়ত ঘৰৰ দৰ্জা, বেৰৰ ক্ষতিসাধন কৰাৰ লগতে সা-সামগ্ৰীও লণ্ড-ভণ্ড কৰে ৷ লগতে জোনালী ৰায়ক আৰক্ষীয়ে মাৰপিট কৰাৰ লগতে অণিমা ৰায়, অলকা ৰায়, ৰত্না ৰায়, পূৰ্ণিমা ৰায় নামৰ মহিলা কেইগৰাকীকো শাৰীৰিকভাৱে অপদস্থ কৰে বুলি অভিযোগ কৰি এই অমানৱীয় কাৰ্যক আক্ৰাছুৱে গৰিহণা দিয়ে ৷

আক্ৰাছুৰ সভাপতি, সাধাৰণ সম্পাদক তথা উপদেষ্টাগৰাকীয়ে সংবাদমেলত উক্ত জঘন্য ঘটনাৰ উচিত ন্যায়িক তদন্তৰ দাবী কৰি এই ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক উপযুক্ত শাস্তি প্ৰদানৰো দাবী জনায় ৷ লগতে তদন্তত যদি আক্ৰাছু সদস্য জড়িত থকা প্ৰমাণিত হয়, তেন্তে সেই দোষী সদস্যইও শাস্তি পোৱাটো উচিত বুলি কয় ৷

আনহাতে, আৰক্ষীয়ে আটক কৰা নিৰ্দোষী লোককেইজনক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনোৱাৰ লগতে যিসকল আৰক্ষীয়ে মহিলাক অপদস্থ তথা দুৰ্ব্যৱহাৰ কৰিছে তাৰো উচিত তদন্ত কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷ অন্যথা আক্ৰাছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও কয় ৷

সংবাদমেলত আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে কয় যে এই ঘটনা সন্দৰ্ভত চেৰফাংগুৰি নেপালপাৰৰ এজন লোকে ঘটনাটো দেখা বুলি কোৱাৰ লগতে ট্ৰাকখন আক্ৰাছুৰ কাৰ্যালয়লৈ আনাৰ বাবে চেষ্টা চলাইছিল বুলি সংবাদ মাধ্যমযোগে আমি জানিব পাৰিছো ৷

গতিকে প্ৰথমে আমি সেইজন লোকক তদন্তৰ আওতালৈ অনাটো বিচাৰিছো আৰু লোকজনে কি দেখিছিল সেয়া লোকজনক তদন্তৰ আওতালৈ আনি তদন্ত কৰিলে পোহৰলৈ আহিব বুলি কয় ৷ লগতে লোকজনক যাতে তদন্তৰ আওতালৈ আনে তাৰবাবে আক্ৰাছুৱে আজি লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলিও আক্ৰাছুৰ উপদেষ্টাগৰাকীয়ে প্ৰকাশ কৰে ৷

কাৰণ সেই নিশা লোকজনে উক্ত স্থানত কি কৰি আছিল বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ সেয়ে সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত হোৱাটো বিচাৰিছো আৰু প্ৰকৃত দোষীয়ে শাস্তি পোৱাটো বিচাৰিছো বুলিও কয় ৷ সংবাদমেলত আক্ৰাছুৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷

Your Comments