নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত ৰাজ‌্যপাল ড: মুখী

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত ৰাজ‌্যপাল ড: মুখী

নগাঁৱৰ পৰা ৱাহিদুদ জামান

উত্তৰ-পূব ভাৰতৰ অন্যতম তথা বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আজি তৃতীয় সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হৈ যায় । নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৱৰ্তনত ভিজিটৰ হিচাপে অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল, অধ্যাপক জগদীশ মুখীয়ে কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সকলো গুণৰ অধিকাৰী এগৰাকী প্ৰতিভাৱান মহাপুৰুষ আছিল ।

তেওঁৰ সৃষ্টিৰাজিয়ে সকলোকে আকৰ্ষিত কৰি তুলিছে । অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা এইজন মহাপুৰুষে তাহানিতেই সমাজৰ পৰা অন্ধবিশ্বাস, কু-সংস্কাৰ, কু-প্ৰথা আদি দূৰ কৰি এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে । ইংৰাজী নাট্য সাহিত্যৰ পিতৃস্বৰূপ উলিয়াম শ্বেক্সপিয়েৰৰ এশ বছৰ আগতেই শংকৰদেৱে নাটক ৰচনা কৰি নাট্য সাহিত্যৰ সৃষ্টি কৰি গৈছে ।

মহাপুৰুষজনাৰ অপৰিসীম কৃতিত্বৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে লগতে কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মগুৰু নাছিল, তেওঁ আছিল প্ৰকৃতাৰ্থত এগৰাকী সমাজ সংস্কাৰক । মহাপুৰুষ জনে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ হকে কাম কৰি নৈতিক আৰু আধ্যাত্মিক ভাবধাৰাৰ চেতনা মানুহৰ মাজত জাগ্ৰত কৰিছিল ।

ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰসংগত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা যিসকলে উচ্চ শিক্ষাৰে শিক্ষিত হৈছে, তেওঁলোকে অনাগত সময়খিনিত নি:স্বাৰ্থভাৱে সমাজ আৰু দেশৰ বাবে সেৱা কৰিব বুলি আশা প্ৰকাশ কৰে । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড: নগেন শইকীয়াই কয়- আমি কেৱল নিজৰ স্বাৰ্থ পুৰণত ব্ৰতী হ'ব নালাগে, বৰং বৃহৎ মানৱতা আৰু সমাজ গঠনৰ হকেহে কাম কৰিব লাগে ।

বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে নিজকে ইমান উচ্চ শিখৰলৈ লৈ গৈছে যে এতিয়া সমগ্ৰ পৃথিৱীখনেই ডিজিটেল হৈ পৰিছে । মানৱতাৰ প্ৰকৃত অৰ্থ দাঙি ধৰি সাহিত্যিক ড: শ‌ইকীয়াই কয়- মানৱতা হৈছে মানুহৰ এক নিৰ্দিষ্ট প্ৰকৃতি, যিয়ে মানুহৰ অন্তৰত দয়া, মমতা, মৰম, ভালপোৱা, অহিংসাৰ মনোভাব উজ্জীৱিত কৰে ।

তদুপৰি, মানৱতাই মানুহক শান্তিৰে একেলগে বসবাস কৰাৰ জ্ঞান প্ৰদান কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰি তেওঁ কয়- বৌদ্ধিকভাৱে শংকৰদেৱ বহু উচ্চ মনৰ অধিকাৰী আছিল । জীৱ আৰু ঈশ্বৰৰ ধাৰণাৰে মহাপুৰুষজনাই সমাজ সংস্কাৰৰ বাট দেখুৱাই গৈছে । ভাষণ প্ৰসংগত ড: শ‌ইকীয়াই আৰু কয়- আমি সকলোৱে ভাতৃত্ববোধৰ চিন্তাধাৰাৰে মানৱ জাতিৰ কল্যাণৰ হকে কাম কৰি যাব লাগিব ।

তেওঁ শংকৰদেৱৰ শিক্ষাৰ কথা উল্লেখ কৰি কয়- পথ সন্ধিৰে মানৱতাক উদ্ধাৰ কৰা শংকৰদেৱ আজিও প্ৰাসংগিক । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড: কন্দৰ্প কুমাৰ ডেকাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিৰ উপৰি বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

এই অনুষ্ঠানতে বিশ্ববিদ্যালয়খনৰ পৰা বিভিন্ন বিষয়ত স্নাত্তকোত্তৰ ডিগ্ৰী আৰু এম ফিল ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰে ৰাজ্যপাল মুখীয়ে ।

Your Comments