"ৰক্তই জীৱন" এক নীৰৱ আন্দোলন : দৰিদ্ৰ-আৰ্তজনৰ বাবে এক আশা

"ৰক্তই জীৱন" এক নীৰৱ আন্দোলন : দৰিদ্ৰ-আৰ্তজনৰ বাবে এক আশা

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

চন ২০১৬, জানুৱাৰী  মাহ । ৰাজ্যৰ কেইজনমান তৰুণ-তৰুণীয়ে গঠন কৰিলে এক নতুন সংস্থা "ৰক্তই জীৱন" । উদ্দেশ্য আছিল  দৰিদ্ৰ-আৰ্তজনক সহায় কৰা । সামাজিক মাধ্যমৰে গঢ়ি তোলা এই সংস্থাটিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ-আৰ্তজনৰ মনত আশাৰ  সঞ্চাৰ কৰিছে ।

"ৰক্তই জীৱন" এক নীৰৱ আন্দোলন : দৰিদ্ৰ-আৰ্তজনৰ বাবে এক আশা

শিক্ষিত ১৯জন যুৱক-যুৱতীৰে যোৰহাটত আৰম্ভ হোৱা "ৰক্তই জীৱন" সংস্থাটি পৰৱৰ্তী সময়ত নগাঁৱকে ধৰি তেজপুৰ, বোকাখাত, গোলাঘাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান, মাজুলী, টীয়ক, কামৰূপ আৰু নলবাৰীলৈ সম্প্ৰসাৰিত হয় ।

যিসময়ত সামাজিক মাধ্যম হিচাপে Facebook আৰু WhatsApp আদিৰ নেতিবাচক দিশসমূহক লৈ  সৰ্বাধিক চৰ্চা হৈছে, সেই সময়ত এই সংস্থাটিয়ে সমভাৱাপন্ন সদস্যৰ সংখ্যা বৃদ্ধিৰ লগতে তেওঁলোকৰ কৰণীয়খিনি কৰি গৈছে ।

"ৰক্তই জীৱন" এক নীৰৱ আন্দোলন : দৰিদ্ৰ-আৰ্তজনৰ বাবে এক আশা

সম্প্ৰতি ৰাজ্যখনত পাঁচ সহস্ৰাধিক সদস্য থকা এই সংস্থাটিৰ প্ৰতিজন বিষয়ববীয়াই নিষ্ঠাৰে তথা নীৰৱে আৰ্তজনক সহায় কৰি গৈছে । বিভিন্ন  চৰকাৰী চিকিৎসালয়ত তথা "ৰক্ত ভঁৰাল"ত  প্ৰয়োজনীয় লোকক তেজ যোগানৰ বাবে যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰবাবে এই  সংস্থাটিৰ লগত যোগাযোগ কৰিব পাৰে । 

তদুপৰি, এই সংস্থাটিয়ে সামাজিক আৰু সাংস্কৃতিক কাম-কাজ চলাই নিছে সমান্তৰালভাৱে । পদপথৰ শিশুৰ বাবে যদি কেতিয়াবা বস্ত্ৰৰ যোগাৰ কৰিছে আকৌ কেতিয়াবা শীতৰ পৰা পৰিত্ৰাণ পাবলৈ শিশু তথা দৰিদ্ৰজনক প্ৰদান  কৰিছে কম্বল আদি ।

তদুপৰি, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ স্মৰণ কৰি সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা এই "ৰক্তই জীৱন" নামৰ সংস্থাটিয়ে কেতিয়াবা বানাক্ৰান্ত শিক্ষাৰ্থীৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াইছে ।

"ৰক্তই জীৱন" এক নীৰৱ আন্দোলন : দৰিদ্ৰ-আৰ্তজনৰ বাবে এক আশা

অসহায় লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা, ১৮ বছৰ বয়স পৰ্যন্ত কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিক বিনামূলীয়া চিকিৎসা প্ৰদান কৰি খোৱা-বোৱাৰ ব্যৱস্থা কৰাৰ লগতে  নিৰাশ্ৰয় শিশুসকলক সাধ্যানুসাৰে খাদ্যৰ যোগান ধৰিছে নতুন প্ৰজন্মৰ এইসকল যুৱক-যুৱতীয়ে একাংশ হৃদয়ৱান লোকৰ সহযোগিতাৰে প্ৰচাৰ বিমুখভাৱেই গঢ়ি তুলিছে এক নব্য সামাজিক আন্দোলন ।

"ৰক্তই জীৱন" এক নীৰৱ আন্দোলন : দৰিদ্ৰ-আৰ্তজনৰ বাবে এক আশা

উল্লেখ্য যে এই সংস্থাটিয়ে যোৱা ১৪ নৱেম্বৰত তেজপুৰত শিশু দিৱসৰ দিনা দৰিদ্ৰ লোকসকলৰ মাজত কম্বল বিতৰণ কৰে । কোনো হৃদয়ৱান লোকে "ৰক্তই  জীৱন" নামৰ সংস্থাটিক সহায়-সহযোগ কৰিব বিচাৰিলে তথা তথ্য জানিব বিচাৰিলে প্ৰাঞ্জুমণি দাস (৭৩৯৯৩৫৫৫৮৫), আতোৱাৰ ৰেকিব (৯১০১৩৩৭২২৯)ৰ সৈতে যোগাযোগ কৰিব পাৰিব ।
 

Your Comments