নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ পবিত্ৰ স্মৃতিত আজি সন্ধিয়া গুৱাহাটীত "ইনলি ফাউণ্ডেচন"-এ নিবেদন কৰিব ডঃ শইকীয়াই ৰচনা কৰা নাটক "এজাক জোনাকীৰ জিলমিল" ।
গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মঞ্চস্থ হ'বলগীয়া নাটখনিৰ পৰিচালনা নয়ন প্ৰসাদৰ । সংগীত তৰালী শৰ্মা, মঞ্চসজ্জা নুৰুদ্দিন আহমেদ, পোহৰ ডঃ মৃণালজ্যোতি গোস্বামী, সামগ্ৰিক ব্যৱস্থাপনা পৰাগ শৰ্মা, মনজিৎ ৰাজখোৱা আৰু সুশোধন তালুকদাৰ ।
নাটখনিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ স্নাতক ৰাজু ৰয়, বিপ্লৱ বৰকাকতী, পাপৰি মেধি, ভাস্কৰ বৰুৱাৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিমত প্ৰশিক্ষণপ্ৰাপ্ত কমললোচন আৰু জুৰি কাশ্যপে অভিনয় কৰিছে ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত যোৱা ১০ আগষ্টত মঞ্চস্থ কৰা নাটখনিত নাট্যপ্ৰেমীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।
কিন্তু বহু নাট্যপ্ৰেমীয়ে স্থান আৰু আসনৰ অভাৱত নাটখনি উপভোগ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । নাট্যপ্ৰেমীৰ এই আন্তৰিক সঁহাৰিৰ প্ৰতি সন্মান জনাই নাটখনি পুনৰ মঞ্চস্থ কৰিবলৈ লোৱা হৈছে ।
নাটখনি উপভোগ কৰিবৰ বাবে বৰঙণি ধাৰ্য কৰা হৈছে ৫০ আৰু ১০০ টকা । আজি সন্ধিয়া ৪.৩০ আৰু ৬.৩০ বজাত দুটাকৈ দৰ্শনীৰে নাটখনি মঞ্চস্থ কৰা হ'ব বুলি পৰিকল্পনাকাৰী ইন্দ্ৰজিৎ দাসে জনাইছে ।
দুয়োটা দৰ্শনীতে নাট্যপ্ৰেমী দৰ্শকৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ।
- Log in to post comments
- 70 views