অসম কৃষি বিশ্ববিদ্যালয়ত ধান চপোৱাৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ প্ৰযুক্তি সম্পৰ্কীয় কৰ্মশালা

অসম কৃষি বিশ্ববিদ্যালয়ত ধান চপোৱাৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ প্ৰযুক্তি সম্পৰ্কীয় কৰ্মশালা

কৃষি ক্ষেত্ৰত ধান চপোৱাৰ পৰৱৰ্তী প্ৰক্ৰিয়াবোৰত কৃষকে কিদৰে ক্ষতিৰ পৰিমাণ কমাব পাৰে আৰু অংশগ্ৰহণকাৰীৰ মাজত যোগসূত্ৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ে আন্তৰ্জাতিক ধান গৱেষণা প্রতিষ্ঠানৰ কাৰিকৰী সহযোগত এপাৰ্ট আঁচনিৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী, আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ বিশেষজ্ঞ, ইঞ্জিনীয়াৰ, স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধি, বিভিন্ন ৰাজ্যৰ যন্ত্ৰ উৎপদানকাৰী কোম্পানীৰ প্ৰতিনিধি আৰু প্ৰগতিশীল কৃষকৰ উপস্থিতিত যোৱা ১৬ আৰু ১৭ নৱেম্বৰ, ২০১৮ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এখনি কৰ্মশালা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।

কৰ্মশালাৰ উদ্বোধনী সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ অশোক ভট্টাচাৰ্যই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক আদৰণি জনায় আৰু অসমৰ কৃষি ক্ষেত্রত ধান চপোৱাৰ পিছৰ প্ৰক্ৰিয়াসমূহত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানে অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত এপাৰ্ট আঁচনিৰ জৰিয়তে পৰিৱৰ্তন আনিবলৈ লোৱা প্ৰচেষ্টাত সকলো অনুষ্ঠানক সহযোগ কৰিবলৈ আহ্বান জনায় ।

আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী  মার্টিন গোমাৰ্ট উপস্থিত থাকি ধান চপোৱাৰ পিছত বিভিন্ন প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে । সভাত এৰিয়াছ ছ'চাইটীৰ বিশেষজ্ঞ জগদিব সিং উপস্থিত থাকি এপাৰ্টৰ বিভিন্ন লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে অৱগত কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ সঞ্চালক ডঃ প্ৰসন্ন পাঠক অংশগ্ৰহণ কৰি উৎপাদনমুখী কৃষিৰ লগতে বজাৰমুখী ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰে ।

অনুষ্ঠানত যান্ত্ৰিকীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ডঃ জয়ন্ত ডেকাই মত ব্যক্ত কৰে । আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান এপাৰ্টৰ সমন্বয়ক ডঃ কৌৰ সিৌঙ আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান আৰু এপাৰ্ট আঁচনি, প্ৰতিষ্ঠানৰ জৰিয়তে কৃষি খণ্ডত গ্রহণ কৰিব লগা বিভিন্ন প্ৰযুক্তিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে ।

উল্লেখযোগ্য যে ধান চপোৱাৰ পৰৱৰ্তী পৰ্যায়ত যান্ত্ৰিকীকৰণ আৰু বিভিন্ন প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ধানৰ মূল্য সংযোজন কৰি কৃষকে উচিত মূল্য পাবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা এই কৰ্মশালাত সকলো অংশগ্ৰহণকাৰীয়ে মতামত প্ৰদান কৰে ।

এই কৰ্মশালা অসমৰ কৃষি খণ্ডত ধান চপোৱাৰ পৰৱৰ্তী পৰ্যায়ৰ ক্ষেত্ৰ খণ্ডৰ পৰিৱৰ্তনৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হ'ব বুলি অংশগ্ৰহণকাৰীসকলে মত ব্যক্ত কৰে । কৰ্মশালাখনি পৰিচালনা কৰে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিশেষজ্ঞ মাৰ্টিন গোমৰ্ট আৰু স্যুৰকান্ত খান্দাই ।

Your Comments