যি সময়ত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে মানৱ জীৱনক নানা ৰোগে গ্ৰাস কৰিছে, তেনে সময়তে ওদালগুৰি জিলাৰ কলাইগাঁৱত জৈৱিক চাহখেতিয়ে অভিভূত কৰিছে জাৰ্মান আৰু ফ্ৰান্সৰ পৰ্যটকৰ এটি দলক ।

উল্লেখ্য যে ২০০৫ চনত খেতি কৰাৰ মানসেৰে স্বেচ্ছামূলক অৱসৰ লৈ শিক্ষক ছিলভানুজ নাৰ্জাৰীয়ে ২নং কলাইগাঁৱৰ প্ৰায় ২০ বিঘা মাটিত জৈৱিক পদ্ধতিৰে চাহখেতি কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে ।

চাহ বাগিচাখনৰ সৈতে অঞ্চলটোৰ প্ৰায় ২০টা পৰিয়ালৰ লগতে নিজেও স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে । গুৱাহাটিৰ প্ৰতিষ্ঠিত চাহ ব্যৱসায়ী দীনবন্ধু কলিতাৰ নেতৃত্বত অহা এণ্ড্ৰিউ কল্ৱ (জাৰ্মান) আৰু মেৰীয়ন যোছেৰেণ (ফ্ৰান্স)ৰ পৰা অহা ৭জনীয়া এটা দলে চাহ বাগিচাখনত উপস্থিত হৈ অসমীয়া খাদ্যৰ জুতি লৈ আত্মহাৰা হৈ পৰাৰ লগতে অসমৰ চাহখেতি দেখি অভিভূত হৈ পৰি প্ৰশংসাত পঞ্চমুখ হৈ পৰে ।
- Log in to post comments
- 113 views
