ভণ্ড যোগগুৰু সতীনাথ বাৰালক গ্ৰেপ্তাৰ কৰাৰ লগতে অসমৰ পৰা শীঘ্ৰে পতঞ্জলিক উৎখাত কৰাৰ দাবী জনাইছে বীৰ লাচিত সেনাই । ব্যৱসায়িক সাম্ৰাজ্য গঢ়া যোগগুৰু ৰামদেৱৰ শিষ্য সতীনাথ বাৰালে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বিপক্ষে কৰা বিতৰ্কিত মন্তব্যত কেৱল ক্ষমা খুজিলেই সাৰি যাব নোৱাৰিব বুলিও কামপুৰত বুধবাৰে আয়োজিত সংবাদমেলত মন্তব্য আগবঢ়ায় লাচিত সেনাই ।
ইফালে সতীনাথ বাৰালক ২৪ ঘণ্টাৰ বিতৰত গ্ৰেপ্তাৰ নকৰিলে পতঞ্জলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বীৰ লাচিত সেনাই সকীয়াই দিয়ে । লগতে তেজপুৰস্থিত ৰামদেৱৰ উৎপাদন কেন্দ্ৰটো বন্ধ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ৷ ইফালে শংকৰ সংঘ আৰু সত্ৰাধিকাৰসকলৰ ভূমিকাক লৈও বীৰ লাচিত সেনাই অসন্তুষ্টি প্ৰকাশ কৰে ৷
শ্ৰীমন্ত শংকৰ সংঘ আৰু সত্ৰাধিকাৰসকল বিক্ৰী হোৱা বুলি কৈ তেওঁলোকে ধৰ্ম সলোৱা বুলিও উল্লেখ কৰে । শংকৰ সংঘ আৰু সত্ৰাধিকাৰসকলে এই বিষয়ত কোনো দ্বায়িত্ব লোৱা নাই বুলিও অভিযোগ কৰে লাচিত সেনাই ৷
- Log in to post comments
- 17 views