নিউজ ডেস্ক:
অৱশেষত নামনি অসম তথা নলবাৰীবাসীৰ বাবে আহিল বহু প্ৰত্যাশিত ভাল খবৰটো। নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি।
নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দক্ষিণগাঁৱত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা কলেজখনত কিছু দিন পূৰ্বে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এটা দল উপস্থিত হৈ সকলো দিশ তথা সা-সুবিধাসমূহ পৰিদৰ্শন কৰি যোৱাৰ পিছৰে পৰা স্বীকৃতিৰ বাবে অপেক্ষা কৰিব লগা হৈছিল যদিও আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এম বি বি এছ পাঠ্যক্ৰমৰ বাবে ১০০ গৰাকী শিক্ষাৰ্থীক নামভৰ্তিৰ অনুমোদনৰে মহাবিদ্যালয়খনক স্বীকৃতি দিয়া বুলি জনায়।
অসমৰ চিকিৎসা খণ্ডৰ বাবে এয়া আন এক মাইলষ্ট’ন বুলি অভিহিত কৰি এবছৰৰ ভিতৰতে চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটোক ঐতিহাসিক আখ্যা দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
- Log in to post comments
- 4 views