মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ইহলীলা সম্বৰণ

 A

 

নিউজ ডেস্ক:
মহাপুৰুষ দুয়োজনাৰ মহাপ্রয়াণস্থলী মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু নাই ।দীর্ঘদিনৰ পৰা জটিল ৰোগত ভুগি থকা  সত্ৰাধিকাৰগৰাকীয়ে ৭৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷তেওঁৰ মৃত্যুৱে নামনি অসমৰ লগতে পশ্চিমবংগৰ ভকত বৈষ্ণৱ সমাজত গভীৰ শোকৰ ছাঁ  পেলাইছে ৷
উল্লেখ্য যে, লক্ষ্মীকান্ত মহন্তই  ২০০১ চনত  মধুপুৰ সত্ৰত নিৰ্মালি গ্ৰহণ কৰি ডেকা সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰিছিল। ২০১০ চনত তদানীন্তন সত্ৰৰ সত্ৰাধিকাৰ ফটিক চন্দ্ৰ দেৱৰ দেহাৱসান হোৱাত ঐতিহ্যময় মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে তেওঁ দ্বায়িত্ব গ্ৰহণ কৰে ৷তেওঁৰ মৃত্যু সত্ৰখনৰ বাবে অপুৰণীয় ক্ষতি বুলি গণ্য কৰা হৈছে।

Your Comments