উৎকট গৰম ! নাৰিকলৰ পানী খাওক

coco

গৰমৰ দিনকেইটাত নাৰিকলৰ পানীৰ বহু উপকাৰ আছে। গ্ৰীষ্মৰ উত্তাপিত দুপৰীয়া অলপ নাৰিকলৰ পানী সেৱন কৰি দেহ-মনত সতেজতা লাভ কৰিব পাৰি। নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে পুষ্টিকৰ দ্ৰব্য থকাৰ লগতে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰীও। জিংক, মেগনেছিয়াম, কেলচিয়াম, পটেছিয়াম, ছডিয়াম আদিৰ দৰে খনিজ পদাৰ্থও নাৰিকলৰ পানীত পোৱা যায়। নাৰিকলৰ পানীৰ পৰা পাব পৰা কেইটামান উল্লেখ্যযোগ্য উপকাৰ হ’ল-

১) ডিহাইড্ৰেচনঃ যেতিয়াই শৰীৰত পৰ্যাপ্ত জুলীয়া পদাৰ্থৰ অভাৱ হয়, তেতিয়া ডিহাইড্ৰেচন হয়। পৰ্যাপ্ত পৰিমাণৰ নাৰিকলৰ পানী সেৱন কৰিলে এই অৱস্থাৰ পৰা ৰক্ষা পাব পাৰি।

২) কিডনীঃ আমাৰ দেহৰ ইউৰিনাৰী ছিষ্টেমৰ বাবে নাৰিকলৰ পানী উত্তম বুলি কোৱা হয়। মূত্ৰ সম্পৰ্কীয় বিভিন্ন গুণাগুণ ইয়াত আছে আৰু কিডনীৰ পাথৰো ই নিৰাময় কৰে।

) স্বাস্থ্য উপকাৰঃ আমাৰ কলেষ্টেৰ’ল স্তৰ নিয়মীয়া কৰাৰ ক্ষেত্ৰতো নাৰিকলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে আৰু ৰক্ত চাপ নিয়ন্ত্ৰণ কৰে।

cc) প্ৰাকৃতিক পানীয়ঃ গৰমৰ দিনত পিঁয়াহত যিকোনো পানীয় গ্ৰহণ কৰেটো স্বাস্থ্যসন্মত নহয়। যেতিয়াই আমি বিকল্প প্ৰাকৃতিক পানীৰ কথা ভাবোঁ, নাৰিকলৰ পানী এই ক্ষেত্ৰত প্ৰথম স্থানত আহে। ই পিঁয়াহ দূৰ কৰাৰ সমান্তৰালভাৱে স্বাস্থ্যৰ পক্ষেও উপকাৰী।

) সংক্ৰমণঃ গ্ৰীষ্মকালত কিছুমান বিশেষ অণুজীৱ সক্ৰিয় হৈ পৰে আৰু এইবোৰে আমাৰ শৰীৰত সংক্ৰমণ ঘটায়। নাৰিকলৰ পানী সেৱনৰ ফলত এনেধৰণৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰটো ৰক্ষা পৰে।

) সতেজতাঃ ক্ৰীড়াৰ ক্ষেত্ৰত জড়িতসকলক শক্তিবৰ্ধক পানীয়ৰ প্ৰয়োজন। প্ৰখৰ গৰমত আপুনি আপোনাৰ শক্তিৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে নাৰিকলৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

) এচিডিটী নিয়ন্ত্ৰণঃ আমাৰ দেহৰ সামগ্ৰিক ব্যৱস্থাটোৰ পি এইচ ভাৰসাম্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নাৰিকলৰ পানী উপযোগী বুলি কোৱা হয়। গৰমৰ দিনত হোৱা বদহজম আৰু কোষ্ঠকাঠিন্য পৰ্যাপ্ত পৰিমাণে নাৰিকলৰ পানী সেৱন কৰি নিৰাময় কৰিব পাৰি।

Your Comments