দেৰগাঁৱৰ বৰুৱাবামুণ গাঁও আৰু নগাঁৱৰ কামপুৰ চেনিকলকে ধৰি শেহতীয়াকৈ জাগীৰোড আৰু কাছাৰ কাগজ কল বন্ধ হৈ পৰাৰ পাছত এইবাৰ মৃত্যু ঘণ্টা বাজিছে সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ উদ্যোগ কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোত ।
সেয়েহে অসম সমবায় মৰাপাট কলৰ বৰ্তমানৰ অৱস্থাক লৈ এতিয়া চিন্তিত কলিয়াবৰবাসীৰ লগতে মিল কৰ্তৃপক্ষও । উল্লেখ্য যে ১৯৭০ চনতে প্ৰতিষ্ঠা কৰা হৈছিল অসম সমবায় মৰাপাট কল ।
তদানীন্তন কলিয়াবৰৰ বিধায়ক প্ৰয়াত লীলাকান্ত বৰাৰ অপ্ৰাণচেষ্টাত প্ৰতিষ্ঠিত অসম সমবায় মৰাপাট কলটিৰ আধাৰশিলা হৈছিল ১৯৬৭ চনৰ ১৪ আগষ্ট তাৰিখে আৰু ১৯৭০ চনৰ ১ জানুৱাৰী তাৰিখে তদানীন্তন অসমৰ বিত্তমন্ত্ৰী ফকৰুদ্দিন আলি আহমেদে মৰাপাট কলটিৰ শুভ উদ্বোধন কৰিছিল ।
১৫০খন তাঁতশাল আৰু ৯শজন শ্ৰমিক-কৰ্মচাৰীৰে আৰম্ভ কৰা অসম সমবায় মৰাপাট কলটিত আৰ্থিক সংকটে দেখা দিয়াত ১৯৮৪ চনৰ ৬ মাৰ্চ তাৰিখে শিলঘাটৰ মৰাপাট কলটি বন্ধ হৈ পৰিছিল ।
১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তিৰ আধাৰত ১৯৮৬ চনৰ ১ জানুৱাৰী তাৰিখে কলটিত পুনৰ আৰম্ভ হৈছিল উৎপাদন প্ৰক্ৰিয়া । পৰৱৰ্তী সময়ত উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ কাৰণে যন্ত্ৰপাতিৰ মেৰামতি আৰু আধুনিকীকৰণ পদ্ধতিৰে উৎপাদন ক্ষমতা ৮০ শতাংশলৈ বৃদ্ধি পায় যদিও শেহতীয়াকৈ যন্ত্ৰাংশ বহু পুৰণি হৈ পৰাত মৰাপাট কলটিৰ লাভাংশ অতি উচ্চহাৰত নিম্নগামী হ'বলৈ ধৰিছে ।
৯ শতাধিক বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকৰ জীৱনলৈ নামি আহিবনেকি অন্ধকাৰ ? শিলঘাটৰ এই অসম সমবায় মৰাপাট কলটিত ২০১৫ বৰ্ষত লাভ হৈছিল ২০ লাখ ৮৪ হাজাৰ টকা ।
২০১৬ বৰ্ষত লাভৰ পৰিমাণ হ্ৰাস পাই হ'ল ১১ লাখ ৭৮ হাজাৰ টকা । ২০১৭ বৰ্ষত লাভৰ পৰিমাণ হ্ৰাস পাই হ'ল ৪ লাখ ৯ হাজাৰ টকা আৰু ২০১৮ বৰ্ষত লাভৰ পৰিমাণ দুৰ্ভাগ্যজনকভাৱে হ্ৰাস পাই হ'লগৈ ২ লাখৰো কম ।
এনে গতিত চলি থাকিলে শীঘ্ৰে মিলটো পুনৰ বন্ধ হৈ পৰাটো নিশ্চিত । ৯৯.৯৬ শতাংশ ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থকা সমবায় খণ্ডৰ একমাত্ৰ মৰাপাট উদ্যোগটিৰ দুৰৱস্থাৰ প্ৰধান কাৰণ ৰাজ্য চৰকাৰৰ চৰম হেমাহি আৰু একাংশ বিষয়া-কৰ্মচাৰীৰ গাফিলতি ।
বছৰ বছৰ ধৰি ব্যৱহৃত পুৰণা তাঁতশালৰ মেৰামতি ব্যয় হৈছে মিলটোৰ সন্মুখত দেখা দিয়া আন এক প্ৰত্যাহ্বান । দুই এগৰাকী অপৰিপক্ব বিষয়াৰ হাতত মিলৰ দায়িত্ব অৰ্পণ কৰাত মিলটোৱে লাভৰ পৰিমাণ হেৰুৱাবলগা হৈছিল বুলিও মিলৰ একাংশ কৰ্মচাৰীয়ে ক'ব খোজে ।
মূলতঃ মিলটো পৰিচালনা কৰাৰ যথেষ্ট আসোঁৱাহ ৰৈ যোৱাৰ বাবে এতিয়া মৃত্যু ঘণ্টা বাজিছে অসম সমবায় মৰাপাট কলত । পুৰণি যন্ত্ৰপাতিৰ লগতে প্ৰেট্ৰ'ল আৰু ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধিৰ ফলতো উৎপাদন খৰচ ক্ৰমাগতভাৱে বৃদ্ধি পাব ধৰিছে ।
মিলটোৰ উৎপাদন খৰচ বৃদ্ধি পোৱাৰ বিপৰীতে কিন্তু উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হোৱা নাই মিলটোৱে । মিলটোত ৯৯.৯৬ শতাংশ চৰকাৰৰ অংশ হেতুকে ৰাজ্য চৰকাৰখনে অতি সোনকালে কলটোৰ যন্ত্ৰাংশ নৱীকৰণৰ জৰিয়তে উৎপাদন ক্ষমতা বৃদ্ধি নকৰিলে অতি সোনকালে যে অসমৰ আনকেইটা উদ্যোগৰ দৰে শিলঘাটৰ সমবায় মৰাপাট কলটো মৃত্যুমুখত পৰিব সেয়া নিশ্চিত হৈ পৰেছে ।
পৰিণতিত পুনৰ ৯ শতাধিক কৰ্মচাৰীৰ লগতে কলটোক কেন্দ্ৰ কৰিয়েই মৰাপাট খেতিৰ লগত জড়িত কৃষকসকললৈও অমানিশা নামি অহাটো নিশ্চিত হৈ পৰিব । মুঠতে কলিয়াবৰৰ অৰ্থনৈতিক দিশটোত বিশেষ প্ৰভাৱ পৰিব ।
তথপিতো কিন্ত মিল কৰ্তৃপক্ষই আশা কৰিছে চৰকাৰৰ উচিত পদক্ষেপে মিলটোক আগুৱাই নিবলৈ সক্ষম হ'ব । লগতে মিলটোলৈ যাতে বেয়া দিন নাহক তাৰবাবে সকলোৰে সহযোগিতাও কামনা কৰিছে ।
- Log in to post comments
- 312 views