
নিউজ ডেস্ক:
অসম আৰক্ষীৰ দাদাগিৰী।প্রতিবাদৰ পূৰ্বেই গ্ৰেপ্তাৰ অসম যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক।গুৱাহাটীৰ দীঘলীপুখুৰীত গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে সমবেত হোৱা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ সৈতে প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদীকাৰীক আটক।
উল্লেখ্য যে,অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰা সিদ্ধান্ত বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি "গণ অৱস্থান ধৰ্মঘট" ৰূপায়ণ কৰিছিল।তাৰে অংশ হিচাপে গুৱাহাটীত কেন্দ্ৰীয় নেতৃত্বই ৰূপায়ণ কৰা কথা আছিল প্ৰতিবাদ।কিন্তু আৰক্ষীয়ে কাৰ্যসূচী আৰম্ভৰ পূৰ্বে আটক কৰে প্ৰতিবাদীসকলক।
ইফালে আৰক্ষীৰ এই কাণ্ডক গৰিহণা প্ৰতিবাদকাৰীৰ।আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত আৰম্ভ হয় হতাহতি ।সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে আৰক্ষীক উদ্দেশ্য কৰি কয়- দমন নচলাব, ৰৈ থকা ব্যক্তিক কিয় এইদৰে আটক কৰিব আহিছে।
- Log in to post comments
- 4 views