অসম আৰক্ষীৰ দিছপুৰ এচিপি হিমাংশু দাসলৈ ৰাষ্ট্ৰপতি পদক

A

নিউজ ডেস্ক:

দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত অসম আৰক্ষীলৈ ভাল খবৰ।ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত গুৱাহাটীৰ সহকাৰী আৰক্ষী আয়ুক্ত (ACP) হিমাংশু দাস।অসম আৰক্ষীৰ এগৰাকী বিষয়াই এইবাৰ লাভ কৰিছে এই সন্মান।উল্লেখ্য যে হিমাংশু দাসে দুধনৈত ১৯৮৮ চনত চাকৰিত যোগদান কৰিছিল।প্ৰথমে দুধনৈ তাৰ পিছত গোৱালপাৰা আৰু এতিয়া দিছপুৰ আৰক্ষীৰ এচিপিৰ দায়িত্বত আছে।

আনহাতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ ৮জনলৈ আৰক্ষীৰ নাম সাহসিকতাৰ পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে।গুৱাহাটীৰ এচিপি হিমাংশু দাসক ৰাষ্ট্ৰপতি আৰক্ষী পদকৰ (President's Police Medal) উপৰি স্বাধীনতা দিৱস উপলক্ষে আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ পদক SDPO জোন দাসলৈ, SI জিতুমণি ডেকা, SI বিতোপন চুতীয়া, SI অচ্যুত নাথ, লেন্সনায়ক শম্ভু ৰংহাং, কনিষ্টবল ছম্বৰ ৰংপি, কনিষ্টবল হোন্দৰছিং টকবী, কনিষ্টবল গ্ৰেটছন মাৰাকলৈ  আৰক্ষীৰ সাহসিকতাৰ পদক প্ৰদান কৰা হ’ব।

Your Comments