মুখ্যমন্ত্ৰী হিমন্তই অধ্যয়ন কৰা গান্ধীনগৰ মজলীয়া বিদ্যালয়ত হৰ-ঘৰ তিৰংগা পতাকা বিতৰণ

A

নিউজ ডেস্ক:

মহানগৰীৰ গান্ধীনগৰ মজলীয়া বিদ্যালয়ত হৰ ঘৰ তিৰংগা কাৰ্যসূচী।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যয়ন কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ জাতীয় পতাকা।বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাৰ সহপাঠীসকলৰ সহযোগত বিদ্যালয় কৰ্তৃপক্ষই বিতৰণ কৰে পতাকা।ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় দায়বদ্ধ তথা চেতনা বৃদ্ধি কৰাৰ বাবে জাতীয় পতাকা বিতৰণ কৰা হৈছে-এই কথা জনায় বিদ্যালয় খনৰ শিক্ষকে।
আজাদী কা' অমৃত মহোৎসৱৰ অংশৰূপে দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসত বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ- ছাত্ৰীক ঘৰত জাতীয় পতাকা উত্তোলন কৰা আহ্বান জনায় মুখ্যমন্ত্ৰী সহপাঠী আৰু শিক্ষক-শিক্ষয়ত্ৰীয়ে।
উল্লেখ্য যে, প্ৰায় অৰ্ধশতাধিক জাতীয় পতাকা ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ মাজত বিতৰণৰ কথা জনায় বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰণৱ ডেকাই।আনহাতে ১৫আগষ্টত দেশৰ স্বাধীনতা দিৱস দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়খনত অনুষ্ঠিত কৰিব কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰীৰ একালৰ সহপাঠীসকলে।

Your Comments