
নিউজ ডেস্ক:
২৬হাজাৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত আগতীয়াকৈ যোগান ধৰা চক্ৰক উৎখাত।হাইলাকান্দিৰ আৰক্ষী সহযোগত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে আলি হুছেইন বৰভূঞাক।ধৃত বৰভূঞাই Whats 'App গ্রুপ খুলি আগতীয়াকৈ প্ৰশ্ন কাকত যোগানৰ প্ৰলোভন দি সংগ্ৰহ কৰিছিল চাকৰি প্ৰত্যাশিৰ পৰা ধন।পৰীক্ষাৰ এদিন পূৰ্বে প্ৰশ্ন কাকত যোগান ধৰাৰ আশ্বাস দিছিল প্ৰাৰ্থীসকলক।তাৰ বিনিময়ত চেষ্টা চলাইছিল বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ।বাংগালুৰুৰ ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ এটি শাখাত থকা আলি হুছেইনৰ বেংক একাউন্টত প্রাৰ্থীসকলক ধন জমা দিব কোৱা হৈছিল।
অসম আৰক্ষীয়ে প্ৰকাশ কৰা মতে "Grade-3/4 Examination Help group" শীৰ্ষক Whats App গ্রুপৰ জৰিয়তে জাল মেলিছিল বৰভূঞাই।চিআইডিত ৰুজু হোৱা ১২/২০২২ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ধৃত বৰভূঞাক।
উল্লেখ্য যে হাইলাকান্দি ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জামিৰাৰ পৰা গ্ৰেপ্তাৰ হৈছে আলি।আনহাতে বিশেষ গ্রুপটোত থকা অন্যসকল সদস্যক সোধ-পোচৰ বাবে দিয়া হৈছে চমন।তাৎপৰ্যপূৰ্ণ কথা যে অহা ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা।প্ৰায় ১২লাখ চাকৰি প্ৰত্যাশি নিবনুৱাই আবেদন কৰিছে ২৬লাখ পদৰ বিপৰীতে।ইতিমধ্যে প্ৰাৰ্থীক এডমিত কাৰ্ড প্ৰদান কৰা হৈছে ।
- Log in to post comments
- 11 views