তৃতীয়ৰ পৰা দশম শ্রেণীলৈ গণিত-বিজ্ঞানৰ পাঠদান ইংৰাজী মাধ্যমত কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰূদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। 
 ৰাজ্যত তৃতীয়ৰ পৰা দশম শ্রেণীলৈ ইংৰাজীত মাধ্যমত বিজ্ঞান-গণিত বিষয় পাঠদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ।দালালি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ৰাষ্ট্ৰীয়তাবাদৰ নামত আমি জাতীয়তাবাদৰ ধ্বংস সহ্য নকৰো।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই সিদ্ধান্ত নতুন শিক্ষা নীতিৰ পৰিপন্থী।এই মন্তব্য কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াৰ।উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যত চৰকাৰী বিদ্যালয়ত তৃতীয় শ্রেণীৰ পৰা দশম শ্রেণীলৈ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমত কৰাৰ সিদ্ধান্ত ২২ জুলাই কেবিনেটত গ্ৰহণ কৰিছিল চৰকাৰে।চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলসমূহ।মাতৃ ভাষাক ধ্বংস কৰা চৰকাৰৰ সিদ্ধান্তক কোনো কাৰণত গ্ৰহণ কৰা নহ’ব বুলি পুনৰ স্পষ্ট কৰি দিয়ে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।

Your Comments