
নিউজ ডেস্ক:
ৰাজ্যৰ চাহ শ্ৰমিকৰ বাবে ভাল খবৰ।২৭টকাকৈ বৃদ্ধি মজুৰী।পহিলা আগষ্টৰ পৰাই কাৰ্যকৰী হ’ল নতুন নিৰিখ।চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীলৈ সঁহাৰি জনাই সামান্য মজুৰী বৃদ্ধি কৰিছে অসম চৰকাৰে।বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল বিশেষ বৈঠক।বৈঠকত চাহ শ্রমিকৰ বহুকেইটা সন্থাৰ লগতে অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধি উপস্থিত থাকে।উল্লেখ্য যে, বৰ্তমান ২০৫টকা দৈনিক মজুৰী লাভ কৰি আছে চাহ শ্ৰমিকসকলে।মজুৰী ২৭টকাকৈ বৃদ্ধি হোৱাত এতিয়া হ’লগৈ ২৩২টকা।
ইফালে অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় বিধায়ক ৰূপেশ গোৱালাই।তাৎপৰ্যপূৰ্ণ কথা এই যে বিগত নিৰ্বাচনৰ সময়ত চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে।
- Log in to post comments
- 6 views