
নিউজ ডেস্ক:
মাদ্ৰাছা ৰক্ষাৰ বাবে আজমল বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক।বে-চৰকাৰী মাদ্ৰাছা বৰ্ড আৰু জমিয়ত উলেমাৰে এই বৈঠক।এ আই ইউ ডি এফৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এই বৈঠক।
উল্লেখ্য যে ৰাজ্যত শেহতীয়াকৈ বিতৰ্কত সোমাই পৰিছে মাদ্ৰাছা।জেহাদীৰ প্ৰসংগত মাদ্ৰাছা বিতৰ্কত সোমাই পৰা পিছতে অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকখন।ইফালে মাদ্ৰাছাত জেহাদী প্ৰশিক্ষণ দিয়ে বুলি একাংশ শাসকীয় পক্ষ বিধায়ক-মন্ত্ৰীয়ে সময়ে সময়ে কৰি আহিছে দাবী।আনহে নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মাদ্ৰাছাক লৈ বিভিন্ন গুৰুতৰ অভিযোগ তুলি আহিছে।তাৎপৰ্যপূৰ্ণ কথা এই যে এনে অভিযোগৰ মাজতে কিছুদিনৰ পূর্বে বৰপেটা আৰু শেহতীয়াকে মৈৰাবাৰীত মাদ্ৰাছা শিক্ষকক আৰক্ষীয়ে জেহাদীৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰিছে।জেহাদীৰে সম্পৰ্কৰ অভিযোগত মৈৰাবাৰীত উচ্ছেদ কৰা হৈছে মাদ্ৰাছা।এনে অভিযোগৰ পৰা মাদ্ৰাছাক ৰক্ষা কৰা উদ্দেশ্যৰে বৈঠক আজমলৰ বাসগৃহত।দিছপুৰৰ চৰকাৰী আবাসত বে-চৰকাৰী মাদ্ৰাছাৰ সমিতি সদস্যৰে বৈঠকত উপস্থিত আছে একাংশ AIUDFৰ বিধায়ক তথা জমিয়ত উলেমা নেতৃত্ব।
- Log in to post comments
- 9 views