কলিতা জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য, আটাছু নেতা যাদৱ কোঁৱৰক ৪৮ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী

A

নিউজ ডেস্ক:

কলিতা জনগোষ্ঠী সন্মিলনী আৰু সদৌ কলিতা ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল।যোৱা ৪ আগষ্টত বিজেপিৰ নেত্ৰী আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ কলিতা জনগোষ্ঠীক তুচ্ছ- তাচ্ছিল্য কৰি বিপদত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক যাদৱ কোঁৱৰ।টাই আহোম ছাত্ৰ সন্থাৰ নেতা গৰাকীৰ কলিতা জনগোষ্ঠীৰ ওপৰত জ্ঞান নাই। ৪৮ঘন্টা ভিতৰত  ক্ষমা নুখুজিলে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ কলিতা জনগোষ্ঠীৰ সংগঠন দুটাৰ।“আঙুৰলতাই কলিতা জনগোষ্ঠীৰ সমদলত কৰা নাই  মন্তব্য, তাৰ পিছতো আমাক ঢেকেৰী জনগোষ্ঠী আখ্যা দিছে যাদৱ কোঁৱৰে।জাতি-জনগোষ্ঠীৰ মাজত বিভেদ আনি নামনি অসমৰ জাতি-জনগোষ্ঠীক অপমান কৰিছে তেওঁ”-এই মন্তৱ্যই কলিতা জনগোষ্ঠীৰ আত্মসন্মানত আঘাত কৰিছে।অসমত ৭০ লাখ কলিতা জনগোষ্ঠীৰ ব্যক্তি আছে।যাদৱ কোঁৱৰৰ মন্তব্য শুনাৰ পিছতে মনত এটা বিশেষ বেদনা লৈ শুই আছে কলিতা জনগোষ্ঠীৰ লোকসকল।ইতিমধ্যে ক্ষমা খুজিবলৈ ২৪ঘন্টাৰ সময় বান্ধি দিয়া হৈছিল যদিও ক্ষমা খোজা নাই ৷

কলিতা জনগোষ্ঠীৰ ইতিহাস নজনাকৈ সমালোচনা কৰাটো দুৰ্ভাগ্যজনক।টাই আহোম ছাত্ৰ সন্থাৰ দৰে সংগঠনত থকাৰ যোগ্যতাই নাই তেওঁৰ।এই সমালোচনা ক্ষমাৰ যোগ্য নহয় যদিও আমি ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছোঁ।কলিতা জনগোষ্ঠী দুৰ্বল নহয় , কিন্তু  গণতান্ত্ৰিক ব্যৱস্থাক বিশ্বাস  কৰে- এই দৰে কয় বিষ্ণু পাটগিৰীয়ে।

উল্লেখ্য যে পূৰ্বতে জুবিন গাৰ্গেও কলিতা জনগোষ্ঠীক অপমান কৰি ক্ষমা খুজিছিল, একেদৰে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে ক্ষমা খুজিছে।যাদৱ কোঁৱৰৰ হিংসাত্মক আক্ৰমণ আছিল, উঠি অহা প্ৰজন্মৰ মাজত বিৰূপ প্ৰভাৱ পৰিছে।গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এইদৰে কয় সংগঠন দুটাই।

Your Comments