শিল্পী জুবিন গাৰ্গ চিকিৎসাধীন; উন্নত চিকিৎসাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

A

নিউজ ডেস্ক:
নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ অসুস্থ।ডিব্ৰুগড়ত চিকিৎসালয়ত ভৰ্তি শিল্পী গৰাকী।বাথৰুমত পৰি মূৰত আঘাত পাইছিল জুবিনে।ডিব্ৰুগড় ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সঞ্জিৱনী হাস্পতালত বৰ্তমান ভৰ্তি কৰা হৈছে শিল্পীগৰাকীক ।
আনহাতে ডিব্ৰুগড়ত ভৰ্তি হৈ থকা শিল্পী গৰাকীক উন্নত চিকিৎসাৰ নির্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।ডিব্ৰুগড়ৰ এক চিকিৎসকৰ দলে চিকিৎসা কৰি আছে শিল্পী গৰাকীক।
ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা শিল্পী জুবিনে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে।প্ৰয়োজনত শিল্পী গৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পী গৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷

Your Comments