
নিউজ ডেস্ক:
'জাতি থাকিলেহে মাটি থাকিব, জাতিক লৈহে ৰাজনীতি কৰিম।প্ৰথম জাতি পাছত দল,জাগিৰোড পেপাৰ মিলৰ মাটি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি"- চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি এইদৰে কয় বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজধানী সম্প্ৰসাৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা দেউৰীৰ।ৰাজধানী সম্প্ৰসাৰণ হলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ধ্বংস কৰিব।চৰকাৰে যদি জাতিৰ বিৰুদ্ধে যায় তেন্তে নিজে আন্দোলন কৰিব বুলি সকিয়নী প্ৰদান কৰি কয় যে জাতিটোৱে মোক মাত মাতিবলৈ পঠাইছিল।
তিৱাৰ প্ৰাপ্য অধিকাৰ প্ৰত্যেক চৰকাৰে হৰণ কৰা বুলি গুৰুতৰ অভিযোগ তুলি দেউৰীয়ে কয়-আমাৰ মানুহবোৰ অঘৰী হৈ জীৱন-যাপন কৰিছে।আগৰ আৰু বৰ্তমানৰ চৰকাৰে আমাৰ মানুহৰ কথা চিন্তা কিমান কৰিলে।কোনো এখন চৰকাৰে চিন্তা কৰা নাই আমাৰ কথা ।
ইফালে জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণ হলে জাতিৰ কি উন্নয়ন হ’ব বুলি প্রশ্ন কৰি বিজেপি বিধায়ক দেউৰী য়ে কয়- মাটিৰ দাম বাঢ়িব আৰু ৰাইজসকল উচ্ছেদ হ’ব।সম্প্ৰসাৰণ হোৱাত আপত্তি নাই কিন্তু প্ৰথম ষষ্ঠ অনুসূচী হৈ বেল্ট এণ্ড ব্লক সুৰক্ষিত কৰিব লাগিব।কাৰন আমি কোনোবা এফালে সংৰক্ষণ হ’ব লাগিব।
আনহাতে বিজেপি বিধায়ক হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিলে বিপদ হ’ব নেকি বুলি প্রশ্ন কৰাত দেউৰীৰ স্পষ্ট মত-বিজেপি বিধায়ক হলে সত্যটোত মাত মাতিব নোৱাৰি নেকি!নায্য প্ৰাপ্যৰ বিষয়ে কোৱাৰ অধিকাৰ মোৰ আছে আৰু কমেই।অনুশাসনমূলক ব্যৱস্থা লবলৈ সহজ নহয় "মই ৰমাকান্ত দেউৰী"।
- Log in to post comments
- 8 views