১৪ৰ পৰা ১৭ এপ্ৰিললৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭১সংখ্যক গুৱাহাটী বিহু সন্মিলনী

A

নিউজ ডেস্ক:

প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গুৱাহাটী বিহু সন্মিলনী।লতাশিল খেল পথাৰত অহা ১৪-১৭এপ্ৰিললৈ অনুষ্ঠিত হ’ব ৭১সংখ্যক  গুৱাহাটী বিহু সন্মিলনী।১৪এপ্ৰিলৰ দিনা পুৱা ১০বজাত পতাকা উত্তোলনেৰে বিহু সন্মিলনখন শুভাৰম্ভ কৰিব  প্ৰাক্তন বিধায়ক তথা সমাজকৰ্মী পদ্মশ্ৰী অজয় দত্তই। প্ৰায় ২০লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে বিহু সন্মিলনখন।প্ৰথম আৰু দ্বিতীয়দিনা জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
আনহাতে সাংস্কৃতিক কাৰ্যসূচীত অসমৰ প্ৰায় সকলো জনগোষ্ঠীয় লোককৃষ্টি বিশেষকৈ কামৰূপীয়া ঢুলীয়া চাৰ্কাছ, দেওধনি নৃত্য, লোক নৃত্য পৰিৱেশন হ’ব বুলি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক নিলোপম দাসে কয়।
ইফালে চাৰিদিনীয়া সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ প্ৰবীণ শিল্পীৰ পৰা নবীন শিল্পীয়ে অংশগ্ৰহণ কৰিব।প্ৰবীণ শিল্পী দ্বীপেন বৰুৱা, কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী, বাবু বৰুৱা, দীপ দৰ্শনে অনুষ্ঠান পৰিৱেশন কৰিব।
আনহাতে ১৬ এপ্ৰিলত অনুষ্ঠিত হ’ব বিহু কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিত।১৭এপ্ৰিলত বিশেষ আকৰ্ষণ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা।তাৎপৰ্যপূৰ্ণ কথা এই যে এইবাৰ বিহুকুঁৱৰী, বিহুৰাণী আৰু বিহু সম্ৰাজ্ঞীলৈ নগদ ৩১,০০০ টকা,৫১,০০০ টকা আৰু ১,০০,০০০ টকাৰ লগতে বিভিন্ন উপহাৰৰ টোপোলা থাকিব।

Your Comments