এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱিত উচ্চ শিক্ষা আয়োগৰ বিৰোধিতা

এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱিত উচ্চ শিক্ষা আয়োগৰ বিৰোধিতা

প্ৰগতিশীল ছাত্ৰ সংগঠন নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন, অসম ৰাজ্যিক সাংগঠনিক অভিৱৰ্তনখনি ১৯ ছেপ্টেম্বৰত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ আৰম্ভণিতে সংগঠনৰ ৰক্ত পতাকা উত্তোলন কৰে এ আই এছ এফৰ ৰাজ্যিক সভাপতি মানস বৰাই ৷

স্মৃতি তৰ্পণ কৰে প্ৰাক্তন ছাত্ৰ নেতা মণি বুঢ়াগোহাঁয়ে । ইয়াৰ পিছতে ৰাজ্যিক উপ-সভাপতি বিতোপন গগৈয়ে আঁতধৰা মুকলি সভা শিৱসাগৰ এ আই এছ এফৰ শিল্পী দলে এটি সমবেত সংগীত পৰিবেশনেৰে আৰম্ভ হয় ৷

এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱিত উচ্চ শিক্ষা আয়োগৰ বিৰোধিতা

অভিৱৰ্তনৰ আদৰণী ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি যোগেশ বুঢ়াগোহাঁয়ে ৷ ইয়াৰ পিছতেই মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰনেতা ৰাতুল বৰাই । তেওঁ ভাষণ প্ৰসংগত কয়, 'অসম ছাত্ৰ সন্মিলনে দেশৰ ভিতৰতে প্ৰথমটো ছাত্ৰ সংগঠন ১৯১৬ চনত গঠন কৰি অসমৰ ভাষা-সংস্কৃতি বিকাশৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল ৷

অৰাজনৈতিক সংগঠন হিচাপে আৰু পাছলৈ ১৯৩৬ চনত গঠন হোৱা প্ৰথমটো সৰ্বভাৰতীয় ছাত্ৰ সংগঠন এ আই এছ এফৰ লগত ১৯৩৯ চনত অসম ছাত্ৰ সন্মিলন চামিল হয় ৷

তেতিয়াৰে পৰাই ছাত্ৰ সমাজৰ সমস্যাসমূহ বস্তুনিষ্ঠ বিশ্লেষণেৰে সমাধানৰ বাবে অধ্যয়ন আৰু সংগ্ৰামক মূলমন্ত্ৰৰূপে গ্ৰহণ কৰি শান্তি, প্ৰগতি আৰু বৈজ্ঞানিক সমাজবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে আজি এই পৰ্যায় পাইছোঁহি ৷'

এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱিত উচ্চ শিক্ষা আয়োগৰ বিৰোধিতা

অভিৱৰ্তনত অংশগ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰ নেতা তথা চি পি আইৰ ৰাজ্যিক সম্পাদক মুনিন মহন্তই ছাত্ৰ ফেডাৰেচনৰ ইতিহাস, সাম্প্ৰতিক দেশৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় সম্পৰ্কে দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মোডী চৰকাৰে ছাত্ৰ সমাজৰ ওপৰত এক বৃহৎ বোজা জাপি দিব বিচাৰিছে ৷

ইয়াৰ প্ৰধান উদাহৰণ হৈছে শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ ভংগ কৰি উচ্চ শিক্ষা আয়োগ গঠনৰ দিহা কৰি শিক্ষানুষ্ঠানসমূহ ব্যক্তিগতকৰণ কৰা ষড়যন্ত্ৰত নামিছে ৷

এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱিত উচ্চ শিক্ষা আয়োগৰ বিৰোধিতা

তদুপৰি, সাম্প্ৰদায়িক শক্তিসমূহে দেশৰ শিক্ষানুষ্ঠানসমূহত প্ৰৱেশ কৰি শিক্ষা ব্যৱস্থাৰ পৰিকাঠামোটোকে ধংস কৰিব বিচাৰিছে ৷ সেয়ে ইয়াৰ বিৰুদ্ধে এ আই এছ এফকে ধৰি প্ৰগতিশীল ছাত্ৰ সংগঠনসমূহে ঐক্যবদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিব লাগিব ৷

অভিৱৰ্তনৰ মুকলি সভাৰ বিশিষ্ট অতিথি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক তথা ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন কৰ্মী প্ৰফুল্ল শইকীয়াই সাম্প্ৰতিক সময়ৰ ছাত্ৰ সমাজৰ আটাইতকৈ ডাঙৰ সমস্যা শিক্ষা ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷

এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱিত উচ্চ শিক্ষা আয়োগৰ বিৰোধিতা

নব্বৈৰ দশকৰ আৰম্ভণিতে নতুন উদাৰ অৰ্থনৈতিক নীতিৰ যোগেদি কংগ্ৰেছ আৰু বিজেপি চৰকাৰকেইখনে শিক্ষাক অধিকাৰৰ পৰিৱৰ্তে সুবিধালৈ পৰিৱৰ্তন কৰি আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীক উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰি আহিছে বুলি সমালোচনা কৰে ৷

সভাত এ আই এছ এফৰ ৰাজ্যিক সম্পাদক পুনমজ্যোতি ডেকা আৰু এ আই ৱাই এফৰ ৰাজ্যিক সম্পাদক অজয় বড়াইও বক্তব্য ৰাখে ৷ শলাগৰ শৰাই আগবঢ়াই অভ্যৰ্থনা সমিতিৰ সম্পাদক যুগান্ত পাঠকে ৷

অভিৱৰ্তনত চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক ধৰ্ম বৰুৱা, এ আই টি ইউ চিৰ জিলা সম্পাদক মুহি বৰুৱা, মহিলা সংঘৰ ৰাজ্যিক সভানেত্ৰী আৰু জিলা সম্পাদিকা ক্ৰমে ৰীনা চেতিয়া আৰু অনুৰাধা গোহাঁই গগৈ, এ আই ৱাই এফৰ জিলা সভাপতি অনুপ গগৈও উপস্থিত থাকে ৷

আবেলি ৪ বজাৰ পৰা বিতোপন গগৈ, পৰিণীতা বৰুৱা, নৱজ্যোতি তামুলীৰে গঠিত সভাপতিমণ্ডলীৰ সভাপতিত্বত প্ৰতিনিধি সভা আৰম্ভ হয় ৷ সভাত ৰাজ্য পৰিষদৰ দুবছৰীয়া কাৰ্যকালৰ কাম-কাজৰ খতিয়ান দি ৰাজ্যিক সম্পাদক পুনমজ্যোতি ডেকাই খচৰা প্ৰতিবেদন উত্থাপন কৰে আৰু প্ৰতিনিধিসকলৰ আলোচনা-সমালোচনাৰ অন্তত সভাই গৃহীত কৰে ।

এ আই এছ এফৰ ৰাজ্যিক অভিৱৰ্তনত প্ৰস্তাৱিত উচ্চ শিক্ষা আয়োগৰ বিৰোধিতা

প্ৰতিনিধি সভাই দুজন যুটীয়া সম্পাদকসহ কেইবাজনো কাৰ্যকৰী সদস্য আৰু পৰিষদ সদস্যৰ অন্তৰ্ভুক্তিৰে এ আই এছ এফৰ ৰাজ্য পৰিষদখনৰ পুনৰ গঠন কৰে ।

শিক্ষানুষ্ঠানসমূহৰ আসন বৃদ্ধি আৰু খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি সমাধান কৰাৰ আদি দাবীৰে ইতিমধ্যে চলি থকা আন্দোলন ধাৰাবাহিকভাৱে চলাই থকাৰ প্ৰস্তাৱ গ্ৰহণৰ লগতে প্ৰতিনিধি সভাই বিশ্ববিদ্যালয়

নুদান আয়োগ বন্ধ কৰি উচ্চ শিক্ষা আয়োগ গঠনৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহৰ ব্যক্তিগতকৰণৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।

সংগঠনক অধিক শক্তিশালী কৰা আৰু ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰত ২৭ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় অধিৱেশনলৈ প্ৰতিনিধি নিৰ্বাচন কৰি নিশা ১০ বজাত প্ৰতিনিধি সভাৰ অন্ত পৰে ।

Your Comments