জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়াকৈ পালন কৰি থকা বৰপেটাৰোড শাখা সত্ৰত আজি শেষৰ দিনাৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷
বৰপেটাৰোড শাখা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধনেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত সাংসদ বিশ্বজিৎ দৈমাৰীক আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত সাংসদ দৈমাৰীয়ে কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই সমগ্র বিশ্বত একমাত্র ধৰ্মগুৰু, যিয়ে সাহিত্যৰ কাণ্ডাৰী হোৱাৰ লগতে কৃষ্টি-কলাৰো গুৰুৰূপে বন্দিত হৈছে ।
গুৰুজনা একাধাৰে শাস্ত্রজ্ঞ, তত্ত্বজ্ঞ, বিদগ্ধ পণ্ডিত ৷ একক আৰু অদ্বিতীয় হিচাপে সর্বশ্রেষ্ঠ প্রতিপন্ন কৰি থৈ গৈছে । সেইবাবেই গুৰুজনাক ‘সর্ব গুণাকৰ’ৰূপে জনা যায় । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অসাধাৰণ আৰু অফুৰন্ত প্রতিভাৰাজি বিশ্বৰ ভিতৰতে অন্যতম ।
যেনেদৰে অন্তর্যামী শ্রীকৃষ্ণৰ কথা কৈ অন্ত কৰিব নোৱাৰি, ঠিক তেনেকৈ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰতিভাৰ কথা কৈ শেষ কৰিব নোৱাৰি । তেওঁ লগতে আক্ষেপ কৰি কয়- গুৰুজনাই আমাক বহু দি গ’ল যদিও তেখেতক কিন্তু আমি বিশ্বৰ দৰবাৰত যিদৰে প্ৰতিষ্ঠা কৰিব লাগিছিল সেইদৰে কৰিব পৰা নাই ৷
অইন ধৰ্মৰ প্ৰৱৰ্তকসকলক যিদৰে সমগ্ৰ বিশ্ববাসীয়ে জানে, তাৰ তুলনাত মহাপুৰুষজনাক বহু কমসংখ্যক বিশ্বৰ লোকে জানে বুলি কোৱা কথাষাৰ অপ্ৰিয় হ'লেও সত্য ৷ সেয়ে আমি জগৎ গুৰুজনাৰ কৰ্মৰাজি আৰু এক শৰণ নামধৰ্মৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰত আৰু অধিক মনোনিবেশ কৰাটো উচিত ৷
নৱপ্ৰজন্মই যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ছাত্ৰাৱস্থাৰ পৰাই বিশদভাৱে অধ্যয়ন কৰিব পাৰে তাৰবাবে মেট্ৰিকলৈ নহ'লেও অন্ততঃ নৱম শ্ৰেণীলৈকে গুৰুজনাৰ ওপৰত ১০/২৫ নম্বৰৰ প্ৰশ্ন ৰখাটো বাধ্যতামূলক কৰিব লাগে বুলিও সাংসদ দৈমাৰীয়ে মন্তব্য কৰে ৷
- Log in to post comments
- 16 views