বহু প্ৰতীক্ষিত ডিব্ৰুগড়ৰ বগীবিল দলঙত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে চলালে ৰে'লৰ ইঞ্জিন ।
ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰিবলগীয়া ৪.৯৪ কিলমিটাৰ দৈৰ্ঘ্যৰ দুখলপীয়া দলংখনত বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি বজাত ৰে'লৰ এটা ইঞ্জিন পৰীক্ষামূলকভাৱে চলোৱা হয় ।
উল্লেখ্য যে তদানীন্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱগৌড়াই আধাৰশিলা স্থাপন কৰা দলংখন ২০০২ চনৰ ২১ এপ্ৰিলত ডিব্ৰুগড় চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ।
১৬ বছৰ অতিক্ৰম কৰা দলংখন চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰাৰ সম্ভাৱনা আছে ।
- Log in to post comments
- 7 views