পূবেৰুণ সংঘৰ সোণালী জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীৰে জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন

 

নিউজ ডেস্ক: 
গুৱাহাটীৰ ৰাজগড়স্হিত পূবেৰুণ সংঘৰ সোণালী জয়ন্তী  দুদিনীয়া কাৰ্যসূচীৰে অহা ২৬,২৭ মাৰ্চত  সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হ’ব ৷সেই উপলক্ষে ২৭ মাৰ্চ দেওবাৰে দিনৰ ১ বজাৰ পৰা জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷উল্লেখ্য যে প্ৰতিযোগিতাখনত ১৮বছৰৰ উৰ্দ্ধৰ সকলো মহিলাই অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷প্ৰতিযোগিতাখনৰ ভৰ্তি মাচুল ১০০ টকা ৷প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলক ৮৬৩৮৬৬১০৫৬ / ৯৮৬৪৩২৪৯৪৫ নম্বৰত  অথবা পূবেৰুণ সংঘৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ উদ্যোগতা সমিতিয়ে আহ্বান জনাইছে ৷

Your Comments