গহপুৰত ভাৰত ত্যাগ আন্দোলনৰ ছহিদক স্মৰণ

গহপুৰত ভাৰত ত্যাগ আন্দোলনৰ ছহিদক স্মৰণ

১৯৪২ চনৰ আজিৰ (২০ ছেপ্টেম্বৰ) দিনটোতে গহপুৰ আৰক্ষী থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছ পুলিচৰ বন্দুকৰ গুলীত দেশৰ কাৰণে ছহিদ হৈছিল বীৰাংগনা কনকলতা বৰুৱা আৰু বীৰ মুকুন্দ কাকতি ৷

গহপুৰত ভাৰত ত্যাগ আন্দোলনৰ ছহিদক স্মৰণ

এই দুয়োগৰাকী বীৰ ছহিদক আজিৰ ছহিদ দিৱসত গহপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয় । 

গহপুৰৰ বিধায়ক উৎপল বৰা আৰু গহপুৰৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাইও ছহিদ দুগৰাকীক পুষ্পাঞ্জলি অৰ্পণ কৰে ।

Your Comments