গংগোত্ৰী কাশ্যপ :
যোৱা দুদিনৰ যুদ্ধত মৃত্যু হৈছে এশৰো অধিক ইউক্রেনৰ সেনা তথা সাধাৰণ মানুহ। ছাৰখাৰ হৈ গৈছে আপাতত শান্ত দেশ ইউক্রেন। অৱশেষত যুদ্ধ ঘোষণাৰ প্রায় ৪৮ ঘণ্টা পিছত ইউক্রেনক আলোচনাত বহাৰ সুযোগ প্ৰদান কৰিলে মস্কোই। সংবাদ সংস্থা এএফপিৰ সূত্রৰ খবৰ অনুসৰি, ৰাছিয়াৰ বিদেশমন্ত্রী লাভৰভে মত প্ৰকাশ কৰিছে যে ইউক্রেনৰ লগত তেওঁলোকে আলোচনাত বহিবলৈ প্রস্তুত। তাৰ আগতে ইউক্রেইনৰ সেনাই অস্ত্র সম্বৰণ কৰিব লাগিব।
ৰাছিয়াৰ এই হঠাৎ মত পৰিবর্তনৰ কাৰণ কি? আন্তর্জাতিক পর্যবেক্ষকসকলে কোৱা মতে, ৰাছিয়া-ইউক্রেইনৰ সেনা সংঘাত আৰম্ভ হোৱাৰ পিছতেই ৰাছিয়াৰ ওপৰত চাপ বৃদ্ধি পাইছিল আন্তর্জাতিক মহলৰ তৰফৰ পৰা। ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীসহ বিভিন্ন দেশৰ ৰাষ্ট্রপ্রধানে পুতিনৰ সৈতে কথা পাতিছিল৷
ভাৰতীয় সময়মতে বৃহস্পতিবাৰে পুৱা ইউক্রেনৰ বিৰেদ্ধে সেনা অভিযান ঘোষণা কৰিছল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে। তাৰপিছতে ইউক্রেনৰ ওপৰত ক্ষেপণাস্ত্র বর্ষণ কৰা আৰম্ভ কৰি দিয়ে ৰুছ সেনাবাহিনীয়ে। বৃহস্পতিবাৰে প্রথম যুদ্ধতে ইউক্রেনৰ সবাতোকৈ ডাঙৰ চহৰ খাৰকিভ আৰু পৰমাণু বিদ্যুৎ কেন্দ্র চেৰনোবিলক দখল কৰে ৰুছ ফৌজীয়ে। যুদ্ধৰ দ্বিতীয় দিনটোত পুতিন বাহিনীয়ে অতিক্ৰম কৰে ৰাজধানী কিভৰ দিশে৷ য’ত এতিয়া আছে ইউক্রেনৰ ৰাষ্ট্ৰপতি ভোলোদেমিৰ জেলেনস্কি।
- Log in to post comments
- 29 views