ভাৰতীয় ন্যায়িক ইতিহাসত ঐতিহাসিক ৰায়; ৩৮জন দোষীক একেলগে ফাঁচীৰ নিৰ্দেশ

A

নিউজ ডেস্ক:
আহমেদাবাদত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ ঐতিহাসিক ৰায়দান।শুকুৰবাৰে গুজৰাটৰ এখন বিশেষ আদালতে  বিচাৰ প্ৰক্রিয়াৰ অন্তত প্ৰদান কৰে এই ঐতিহাসিক ৰায়দান।ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ ৪৯ জন দোষীৰ ভিতৰত ৩৮জনৰ মৃত্যুদণ্ড ঘোষণা কৰিছে আদালতে।অন্য ১১গৰাকীক  আজীৱন কাৰাদণ্ড বিহিছে আদালতে৷উল্লেখ্য যে ৩৮ জন দোষীক ভাৰতীয় দণ্ডবিধি (আইপিচি)৩০২  আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত মৃত্যুদণ্ড প্ৰদান কৰে ন্যায়ালয়ে।
ন্যায়াধীশ এ আৰ পেটেলৰ আদালতে বিস্ফোৰণত নিহত লোকসকলৰ পৰিয়ালক ১লাখ টকা ক্ষতিপূৰণ প্ৰদানৰো নির্দেশ দিয়ে৷
তাৎপৰ্যপূৰ্ণ কথা এই যে , আদালতে যোৱা সপ্তাহত বিস্ফোৰণত জড়িত ৪৯জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।তাৰ বিপৰীতে ২৮জনক নিৰ্দোষী ঘোষণা কৰিছিল৷উল্লেখ্য যে ,২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদ চহৰত সংঘটিত  হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ৫৬জন লোক নিহত হোৱাৰ লগতে ২০০জনৰো অধিক লোক আহত হৈছিল।ইছলামিক উগ্ৰপন্থী গোট হৰকত-উল-জিহান্দ- আল-ইছলামীয়ে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।৭০মিনিটৰ ব্যৱধানত সমগ্ৰ চহৰখনত সংগঠনটোৱে প্ৰায় ২১টা বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।বিস্ফোৰণত আহমেদাবাদ অসামৰিক চিকিৎসালয়কো লক্ষ্য কৰি লৈছিল।২০০২ চনত গুজৰাটৰ গোধৰাত সংঘটিত হোৱা সংঘর্ষৰ প্ৰতিশোধ ল’বলৈ এই আক্ৰমণ সংঘটিত কৰা বুলিও উগ্ৰবাদী সংগঠনটোৱে প্ৰকাশ কৰিছিল৷পৰৱর্তী সময়ত গুজৰাট আৰক্ষীয়ে ভয়ংকৰ বিস্ফোৰণত জড়িত থকা  ৮৫ জন লোকক গ্ৰেপ্তাৰ কৰে৷ইয়াৰে  ৭৮জন লোকৰ বিৰুদ্ধে বিচাৰপ্ৰক্ৰিয়া  আৰম্ভ হয়।
ইফালে আজি প্ৰদান কৰা ৰায়টো ভাৰতীয় ন্যায়িক ব্যৱস্থাত ঐতিহাসিক হিচাপে পৰিগণিত হ’ব।কিয়নো একেটা ৰায়ত ৩৮জনক মৃত্যুদণ্ড অৰ্থাৎ ফাঁচী পূৰ্বতে ঘোষণা হোৱা নাছিল।

Your Comments