Bappi Lahiri death: মুম্বাইৰ হাস্পাতালত ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিশিষ্ট গায়ক, সুৰকাৰ বাপ্পী লাহিড়িৰ

A


নিউজ ডেস্ক:
প্রয়াত বাপ্পী লাহিড়ি। মঙ্গলবাৰে মাজনিশা মুম্বাইৰ জুহুৰ এখন বেচৰকাৰী হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়িয়ে ৷ মৃত্যুৰ  সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ। 

যোৱা  বছৰ এপ্রিল মাহতেই  দেহত কৰোণাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই  মুম্বাইৰ ব্রিচ ক্যাণ্ডি হাস্পাতালত ভর্তি কৰোৱা হৈছিল বাপ্পী লাহিড়িক। কিন্তু যোৱা মঙ্গলবাৰে মাজনিশা ‘অবষ্ট্ৰাকটিভ শ্লিপ এপনিয়া (ওএছএ)’-ত আক্রান্ত হৈ মুম্বাইৰ ক্রিটিকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে লাহিড়িয়ে ৷
হাস্পাতাল কৰ্তৃপক্ষৰ খবৰ অনুসৰি  যোৱা  প্রায় এমাহ তেওঁ বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে হাস্পাতালত ভর্তি হৈ  সোমবাৰে ঘৰলৈ উভতিছিল  কিন্তু মঙ্গলবাৰে পুনৰ অসুস্থ হৈ পৰে  তেওঁ ৷ ততাতৈয়াকৈ ক্রিটিকেয়াৰ হাস্পাতালত ভর্তি কৰোৱা হয় যদিও  মঙ্গলবাৰে  মাজনিশা তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ 
১৯৭০ ৰ পৰা  ৮০-ৰ দশকৰ  হিন্দী চলচ্চিত্ৰ  জগতৰ অন্যতম জনপ্রিয় নাম বাপ্পি লাহিড়ি। বলিউডৰ ‘ডিস্কো ডাঞ্চাৰ’, ‘চলতে চলতে’, বঙালীৰ ‘অমৰ সঙ্গী’, ‘আশা ও ভালবাসা’, ‘আমাৰ তুমি’, ‘অমৰ প্রেম’ প্রভৃতি ছবিত সুৰ দিছিল বাপ্পী লাহিড়িয়ে । গাইছিল  বহু গান। ২০২০ চনত  তেওঁৰ শেষবাৰ কন্ঠদান কৰিছিল  ‘বাগি- ৩’ ত।  পিতৃ অপৰেশ লাহিড়ি আৰু মাতৃ বাঁশৰী লাহিড়ি— দুয়োজনেই সঙ্গীত জগতৰ মানুহ হোৱা হেতুকে একমাত্র সন্তান বাপ্পীও  গানৰ প্রতি আকৃষ্ট হৈছিল । পিতৃ মাতৃয়ে তেওঁৰ নাম অলকেশ দিছিল  যদিও জনপ্রিয়তা অৰ্জনৰ বাবে তেওঁ পৰৱৰ্তী সময়ত  নামটো 'বাপ্পী' লৈ সলনি কৰে। 
১৯৫২ চনৰ  ২৭ নৱেম্বৰত জলপাইগুৰিত জন্মগ্রহণ কৰা বাপ্পী লাহিড়িয়ে   দীর্ঘ দিন ধৰি বঙালী তথা হিন্দি ছবিত গান গোৱাৰ লগতে  সুৰ দিছিল । সকলো সময়তে অত্যাধিক  সোণৰ  গহনা  পিন্ধি ভাল পোৱা লাহিড়িয়ে প্ৰায়ে কৈছিল, 'মোৰ  ভগবানৰ  নাম সোণ !’ 

Your Comments