'১৯৬৮ চনৰ ১৯ ছেপ্টেম্বৰ ৷ এই দিনটোতেই সাম্ৰাজ্যবাদী শোষণকাৰী চৰকাৰৰ নিৰ্দেশত পুলিচে গুলীয়াই হত্যা কৰিছিল ৯জনকৈ ৰে'ল শ্ৰমিকক ৷ আহত হৈছিল সহস্ৰাধিক শ্ৰমিক ৷
ছহিদৰ ৰক্তেৰে ৰঞ্জিত হৈছিল ভাৰত ভূমি ৷ তেওঁলোকৰ দোষ আছিল- প্ৰাপ্য অধিকাৰৰ বাবে দাবী জনোৱাতো ৷ তেওঁলোকৰ দোষ আছিল- শাসনযন্ত্ৰৰ অন্যায়ৰ বিৰুদ্ধে মূৰ দাঙি থিয় হোৱাতো ৷
সেইবাবেই স্বৈৰাচাৰী শোষকৰ নিৰ্দেশত যধেমধে গুলীচালনা কৰা হৈছিল গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত ৷ মষিমূৰ কৰিবলৈ চেষ্টা কৰা হৈছিল শ্ৰমিক আন্দোলনক ৷ কিন্তু শ্ৰমিক ঐক্যৰ জয় হৈছিল ৷
শতিকাজোৰা শোষণৰ শিৰ নত হৈছিল ৷ ৯জনকৈ শ্ৰমিকৰ তেজৰ বিনিময়ত শ্ৰমিক শ্ৰেণীয়ে লাভ কৰিছিল নিজৰ অধিকাৰ ৷ তেওঁলোক ছহিদ ৷ ইতিহাসত তেওঁলোকৰ নাম সোণালী আখৰেৰে লিখা আছে ৷
সেই ৯জনৰ মাজতেই আছে উত্তৰ-পূৰ্বাঞ্চলৰ দুজন ৷ বঙাইগাঁৱৰ পৰেশ সান্যাল আৰু মৰিয়নিৰ ৰমেন আচাৰ্যী ৷ আজি সেই দিনটোৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে সেইসকল ছহিদক আমি অশ্ৰুসিক্ত নয়নেৰে সুৱৰিছোঁ ৷'
এই ভাষ্য উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক আশিস বিশ্বাসৰ ৷ আজি উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ উদ্যোগত বঙাইগাঁৱত কেন্দ্ৰীয়ভাবে উদ্যাপন কৰা ছহিদ দিৱসৰ সোণালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত ভাষণ প্ৰদান কৰি নেতাগৰাকীয়ে এইদৰে কয় ৷
আনহাতে, সভাত ভাষণ প্ৰদান কৰি ইউনিয়নৰ কেন্দ্ৰীয় নেতা কনক বৰ্মনে কয় যে ইতিহাসৰ পুনৰাবৃত্তি হ'ব ধৰিছে ৷ বৰ্তমানৰ চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত কাম কৰি শ্ৰমিকক গোলামলৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷
আমি পুনৰ একেলগে এই চক্ৰান্তৰ বিৰুদ্ধে থিয় দিব লাগিব ৷ প্ৰয়োজনত ইতিহাসৰ পুনৰাবৃত্তি ঘটাব লাগিব বুলিও তেওঁ কয় ৷ তেওঁ সকলোকে ইউনিয়নৰ পতাকাৰ তলত একগোট হ'বলৈ আহ্বান জনায় ।
সভাত ইউনিয়নৰ কেন্দ্ৰীয় নেতা ফণীধৰ দাস, তন্ময় শক্তি ৰাহা, গোবিন্দ বিশ্বাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বক্তব্য ৰাখে ৷ উল্লেখ্য যে ছহিদ দিৱসৰ সোণালী জয়ন্তী উপলক্ষে পুৱা ইউনিয়নৰ শাখাই শাখাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷
ইয়াৰ পিছতে আবেলি প্ৰিয় গুপ্ত মেম'ৰিয়েল হলৰ পৰা এক বৃহৎ বাইক ৰেলী উলিওৱা হয় ৷ এই বাইক ৰেলীয়ে সমগ্ৰ বঙাইগাঁও আৰু নিউ বঙাইগাঁও অঞ্চল পৰিভ্ৰমণ কৰি নিউ বঙাইগাঁও বিজি কলনী পথাৰত উপস্থিত হয় আৰু তাতেই মুকলি সভা অনুষ্ঠিত হয় ৷
স্মৰ্তব্য যে বঙাইগাঁৱৰ লগতে মৰিয়নিতো কেন্দ্ৰীয়ভাৱে ছহিদ দিৱসৰ সোণালী জয়ন্তী পালন কৰা হয় ৷ এই দুই ঠাইতে উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি বিহাৰ, পশ্চিমবংগ আদিৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷
- Log in to post comments
- 59 views