নিউজ ডেস্ক:
"ভাৰতৰ অন্যান্য ৰাজ্যত চৰকাৰে প্ৰতি কুইণ্টল ধান বনোৱাৰ বাবদ মিলাৰসকলক ১২০-১৫০ টকাকৈ প্ৰদান কৰি আহিছে।কিন্তু অসমৰ মিলাৰক অসম চৰকাৰে ২৫ টকা আৰু ভাৰতীয় খাদ্য নিগমে ১০ টকাকৈ মুঠ ৩৫টকা কুইণ্টলত প্ৰদানৰ সিদ্ধান্তত আমি সুখী নহয়"-এই মন্তৱ্য সদৌ অসম ধান বনা কল সন্থাৰ।বিদ্যুৎ মাচুল প্ৰতি ইউনিটত বৃদ্ধি হৈ থকাৰ লগতে মিলাৰসকলে বিদ্যুৎ সংযোগ নিজে কৰিব লগা হোৱাত ৮-১০ লাখ টকা খৰচ কৰিব লগা হৈ আছে।গতিকে তেনে ক্ষেত্ৰত প্ৰতি কেজি ধান বনাত বৰ্তমান সময়ত ৩৫পইচাৰে কিদৰে চলিব পাৰিম আমি।গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি মিলৰ মুখপাত্ৰ নীল গগৈয়ে কয়- মিল সমূহে ভাৰতীয় খাদ্য নিগমে ধাৰ্য কৰা প্ৰতি কুইণ্টল ধানৰ বিপৰীতে ৬৭কেজি চাউল যোগান ধৰি দিব লাগে।কিন্তু প্ৰতিকুইণ্টল ধানত ২ কেজিকৈ মিলাৰসকলে নিজৰ পৰা ভৰিব লগা হয়।গতিকে ইয়াৰ পৰিমাণ ৬৫কেজিলৈ হ্ৰাস কৰাৰ দাবী জনায়।
উল্লেখ্য যে ৰাজ্যত চৰকাৰী স্বীকৃত ১২০টা ধান বনা কল আছে ইয়াৰ উপৰিও ব্যক্তিগত মিলসমূহ লগ লগালে ইয়াৰ সংখ্যা ২৫০টা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে ।
গুৰুত্বপূৰ্ণ কথা এই যে ,সংবাদমেলতে মুখপাত্ৰ গৰাকীয়ে কয় ৰাজ্যত বছৰি প্ৰায় ৮লাখ মেট্ৰিক টন ধান হলেই হয়।অসমত বছৰি উৎপাদন হয় ৫৫ লাখ মেট্ৰিক টন।অসমৰ ধান নেপাল, ভূটান, বিহাৰ পশ্চিমবংগ লৈও যায়।অসমৰ ধানেই অসমক জোৰা মাৰিব পাৰি।চৰকাৰে ইচ্ছা কৰিলে বহিৰাজ্যৰ পৰা চাউল অনা বন্ধ কৰিব পাৰে।বছৰি প্ৰায় ১৮ লাখ মেট্ৰিক টন চাউল বহিৰাজ্যৰ পৰা অসমলৈ আনে।
ইফালে শেহতীয়া ভাৱে চৰকাৰে ৰাজ্যৰ কৃষকৰ ধান MSPৰ জৰিয়তে ১৯৪০টকাকৈ প্ৰতিকুইণ্টলত ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম ধান বনা কল সন্থাই।
- Log in to post comments
- 14 views