ৰোগীয়া মাতৃৰ ঔষধ আনিবলৈ গৈ নগাঁও আৰক্ষীৰ হাতত গুলিবিদ্ধ আছু নেতা কীৰ্তি কমল বৰা

A

নিউজ ডেস্ক:

নগাঁও আৰক্ষীৰ হাতত গুলিবিদ্ধ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা কীৰ্তি কমল বৰা।শনিবাৰে এনকাউণ্টাৰত আহত হয় আছুৰ নেতা গৰাকী।নগাঁও আৰক্ষীয়ে ভৰিত গুলীয়াই বৰাক।

উল্লেখ্য যে আনন্দ মিশ্ৰ বাহিনীয়ে গুলীওৱা আছু নেতা গৰাকীয়ে কয়- মা'ৰ কাৰণে ঔষধ নিবলৈ আহিছিলোঁ।কছলোখোৱা ৰাস ফিল্ডৰ ওচৰত পুলিচে ৰাস্তাত ৰখি এজনক মাৰি আছে।বাইকেৰে মই আহি থকা অৱস্থাতে পিছলৈ ঘূৰি চাইছিলো।তেনেতে এজনে আহি মা-ভনীক ধৰি বেয়া বেয়াকৈ গালি পাৰি যা বুলি কয়।মই এনেকুৱা ব্যৱহাৰ কিয় কৰিছে বুলি কোৱাত বাইকৰ পৰা টানি পেলাই মাৰিছে।লাঠীডালত ধৰি লোৱা কাৰণে ভৰিত গুলী কৰি দিছে।গুলীয়াই মাটিত পেলাই আকৌ ঘোচা-লাথ মাৰিছে।বিনা দোষত মোক মাৰিলে।

ইফালে আৰক্ষীয়ে গাড়ীৰ পৰা মদৰ বটল উলিয়াই গাৰ ওচৰত পেলাই দিয়া বুলিও গুলীবিদ্ধ আছু নেতা গৰাকীয়ে বৰ্ণনা কৰে।

"দুজনমান আৰক্ষীয়ে ভৰিত কিয় বুকুতে গুলীয়াই মাৰি পেলাব লাগিছিল বুলিও কয়।মই মটৰ চাইকেলখন ৰখোৱাও নাছিলোঁ কেৱল শ্লো' কৰি ঘূৰি চাইছিলো''- আছু নেতা বৰাই কয়।

ইফালে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় কীৰ্তি কমল বৰা ড্ৰাগছৰ লগত জড়িত।

আনহাতে সমগ্ৰ ঘটনাক নিন্দা কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়- অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে।গুপ্ত হত্যা নহয় এতিয়া মুক্ত হত্যাৰ দিন আৰম্ভ হবলৈ আগবাঢ়িছে।

Your Comments