অসম-মেঘালয়ৰ ৬টা বিবাদমান এলেকা পাঁচ সংগঠনে পৰিদৰ্শন কৰিম- ডঃ সমুজ্জ্বল ভট্টাচাৰ্য্য

A

নিউজ ডেস্ক:

'অসম-মেঘালয় বিবাদমান এলেকা পৰিদৰ্শন কৰিব সদৌ অসম ছাত্ৰ সন্থাসহ ৫টাকৈ জাতীয় সংগঠনে।দুয়োখন ৰাজ্যৰ চৰকাৰে ৬টাকৈ স্থানত সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে ঐক্যমতত উপনীত হৈছে। স্থানসমূহ পৰিদৰ্শন কৰি আমাৰ মতামত প্ৰকাশ কৰিম’ --শুকুৰবাৰে আছু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এইদৰে কয়।

বিবাদমান এলেকাৰ জনতাৰ মনৰ ভাৱ বুজ লোৱাৰ লগতে স্থানসমূহ পৰিদৰ্শন কৰা হ’ব।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলোচনালৈ নিমন্ত্ৰণ জনোৱা ৫সংগঠন আছু, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, গোর্খা ছাত্ৰ সন্থা, সদৌ অসম গাৰো ছাত্ৰ সন্থাই স্থান পৰিদৰ্শন কৰি ৰাইজৰ মতামত লৈ হে চৰকাৰক অৱগত কৰিব বুলি ইতিমধ্যে আলোচনাত স্পষ্ট ভাৱে কোৱা হৈছে- ভট্টাচাৰ্য্যই কয়।

আনহাতে আটাইকেইটা সংগঠনৰ সৈতে আলোচনা চলি থকা বুলিও উল্লেখ কৰে ভট্টাচাৰ্যই।

অসম-মেঘালয় সীমা সমস্যাৰ স্থায়ী সমাধানৰ উপৰিও উত্তৰ-পূৰ্বৰ অন্য ৰাজ্যসমূহৰ মাজত থকা সীমা বিবাদ শেষ হ’ব লাগে বুলি তেওঁ কয়।সীমা বিবাদ নিষ্পত্তি কৰাটো চৰকাৰৰ দায়িত্ব-ভট্টাচাৰ্যই লগতে কয়।

Your Comments